বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ হাতেলিখা আলোচনী গজালি উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয় ৰ ৮-১-২৫ ইংৰাজী ৰে গুণোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা প্ৰাতঃ সভাত হাতেলিখা আলোচনী গজালিৰ উন্মোচন (পঞ্চম খণ্ড) কৰা হয়। প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই আতধৰা গজালিৰ উন্মোচনী সভাত ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যাপক তথা বহিঃ মূল্যায়ক বিষয়া ডঃ ললিত চন্দ্ৰ ভৰালী দেৱে গজালি উন্মোচন কৰে। ভৰালী দেৱে উন্মোচনী ভাষণত কয় যে প্ৰাথমিক পৰ্যায়ৰ পৰাই ছাত্ৰ -ছাত্ৰী পৰিপক্ক কৰাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। গজালি ৰ তত্বাৱধায়ক ইন্দ্ৰ কান্ত বৈশ্য, সম্পাদক জিতুমণি বৈশ্য,নোডেল শিক্ষয়িত্ৰী বিজয়া দাস, সমাজকৰ্মী ভদ্ৰেশ্বৰ ডেকা,ফটিক বৈশ্য, ভূৱনেশ্বৰ কাকতি, ৰমেশ চন্দ্ৰ বৈশ্য,চন্দনা কলিতা উপস্থিত আই কে বৈশ্য ।