ফুলসয্যাৰ নিশা- হিমাদ্ৰী বৰকটকী

pcWallpaper Better

ফুলসয্যাৰ নিশা

সেই দিনটোলৈ মই
বাট চাই আছিলোঁ যানা
ফুলসয্যাৰ নিশা…
ওঁঠত ওঁঠ থৈ
দীঘল চুলিটাৰি
লিৰিকি বিদাৰি
কুঁৱলীৰ সেমেকা আলিঙ্গন…
উজাগৰি নিশা পাৰ কৰিছিলোঁ দুয়ো
সেউজীয়া প্ৰেমৰ সোৱাদ লৈ
উসঃ! কিযে মাদকতা…
দেহ মন চুই যোৱা
পূৰ্ণ হৈছিলোঁ মই
তোমাৰ উমাল বুকুৰ মাজত
বুজাব নোৱাৰা এক
স্বগীয় অনুভূতি…

হিমাদ্ৰী বৰকটকী