ফুলষ্টপ – জেফলিন চুলতানা

PC - Adobe Stock
ফুলষ্টপ
জেফলিন চুলতানা, নগাঁও
হঠাৎ সাৰ পালোঁ
প্ৰশ্নবোধক চিহ্নৰ আঘাতত
প্ৰতিটো সময়তেই একমাত্ৰ টোপৰি সৰাই প্ৰশ্নবোধকবোৰে
সেই কাৰণেই প্ৰশ্নবোধক আজি বিস্ময়বোধকলৈ ৰূপান্তৰ হ’ল ….!!
কিছু জটিল প্ৰশ্নবোধকত
বিস্ময়বোধকৰ ৰূপ হঠাৎ সলনি কৰি দিয়ে
আৰু মিছাৰ ঢৌ যেতিয়া থমকি যায়
তেতিয়া হয়তো আৰম্ভ হয় ফুলষ্টপ …!!
এটা গোপন আঘাতৰ আবেগিক শিহৰণে
উন্মাতাল ছন্দত কপাই তুলিছিল ভূবন ….!!
মনত ৰাখিবা
জটিল প্ৰশ্নবোধে কৰা আঘাতত যেন
কদাপিও ফুলষ্টপ নপৰে ।
কাৰণ
জীৱন যুদ্ধ মানেই ফুলষ্টপ নহয় ।