ফুমিঅʼ কিছিদা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব

Pc- Wikipedia

ফুমিঅʼ কিছিদা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব

অনলাইন বাৰ্ত্তাসেৱা- ফুমিঅʼ কিছিদা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব। বৰ্তমানৰ প্ৰধানমন্ত্রী যোশীহিদে ছুগাই এবছৰ কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰাৰ পিছত পৰৱৰ্তী প্রধানমন্ত্ৰী হিচাপে দেশখনৰ প্ৰাক্তন বৈদেশিক মন্ত্রী ফুমিঅʼ কিছিদাই দায়িত্ব গ্ৰহণ কৰিব।জাপানৰ গৱৰ্নিং পাৰ্টীৰ নেতৃত্বৰ নিৰ্বাচনত ফুমিঅʼ কিছিদাই জয়লাভ কৰাৰ পিছতেই দেশৰ পৰৱৰ্তী প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাটো নিশ্চিত হয়। উল্লেখ্য যে জাপানৰ প্ৰধানমন্ত্রী শ্বিনজে আবেই স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ পিছত যোশিহিদে ছুগা প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱা ছুগাই এবছৰ কাৰ্যকাল চলাই পদত্যাগ কৰে। ইয়াৰ পিছতেই জাপানৰ শাসকীয় লিবাৰেল ডেমোক্রেটিক পাৰ্টীৰ নতুন নেতা নির্বাচনক লৈ ভোট হয়। এই ভোটত প্ৰাক্তন শীর্ষ কূটনীতিক ফুমিঅʼ কিছিদাই বৰ্তমানৰ জাপানৰ স্বাস্থ্যমন্ত্ৰী টাৰো কোনোক পৰাজিত কৰিবলৈ সক্ষম হয়। প্ৰথম ৰাউণ্ডৰ পিছত ছানে তাকাইচি আৰু চেইকো নোডা নামৰ দুজন মহিলা প্ৰতিদ্বন্দী বাদ পৰিছিল।জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে ফুমিঅʼ কিছিদাই কʼভিড মহামাৰীৰ বাবে বিধ্বস্ত হোৱা দেশৰ বৃহত্তম অর্থনীতি পুনৰ উদ্ধাৰৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। ঠিক তেনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিত্ৰতা শক্তিশালী ৰূপত গঢ়ি তোলাটো নিশ্চিত কৰিব লাগিব।