ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত এক সজাগতা মূলক সভাত অংশগ্ৰহণ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

pc Facebook
ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত এক সজাগতা মূলক সভাত অংশগ্ৰহণ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা
অনলাইন বাৰ্ত্তাসেৱা – দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুষ্টিহীনতামুক্ত সমাজ এখন গঢ়ি তোলাৰ সপোনক বাস্তৱায়িত কৰাৰ অৰ্থে চলিত ছেপ্টেম্বৰ মাহটোক ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অধীনস্থ কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত এক সজাগতা মূলক সভাত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাদেৱ। তেখেতে প্ৰকাশ কৰা অনুসৰি, এখন পুষ্টিহীনতামুক্ত অসম গঢ়ি তুলিবলৈ সকলোৱে সংকল্পবদ্ধ হোৱাৰ লগতে সকলোৰে মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। শিশুসকলক সু-স্বাস্থ্য হিচাবে গঢ়ি তুলিবলৈ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো বাধ্যতামূলক। তেওঁ পোষণ মাহৰ এই শুভক্ষণত পুষ্টিহীনতাহীন শিশুসকলক পৰিপুষ্টি বৃদ্ধি কৰোৱাৰ উদ্দেশ্যে তেওঁলোকক পুষ্টিকৰ খাদ্য প্ৰদান কৰে। অনুষ্ঠানটোত কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়নৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ডেইজীৰাণী দেৱী ডাঙৰীয়ানী , জিলা সমাজ কল্যান বিভাগৰ বিষয়া শ্ৰী ৰুবুল শৰ্মা ডাঙৰীয়া,মনি কাকতি ডাঙৰীয়া,স্থানীয় জ্যেষ্ঠ নাগৰিক শ্ৰী নৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য শ্ৰী লিটন কলিতা ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰী শিপ্ৰা দাস ডাঙৰীয়ানী প্ৰমুখ্যে অঙ্গনবাড়ী কৰ্মীসকল,স্থানীয় আই-মাতৃ সকল,বিশিষ্ট ব্যক্তি সকল আৰু দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।