ফুটপাথৰ বিননি – মুন শৰ্মা

ফুটপাথৰ বিননি
মুন শৰ্মা, লখিমপুৰ
চহৰ খনৰ ফুটপাথত থকা বহুতো ভিক্ষাৰী দৰে তেওঁ ও এজন ভিক্ষাৰী।বহু বছৰ জুৰি ইয়াতে বাস কৰি আছে। তেওঁ কিন্তু,কিছু,কিছু ক্ষেত্ৰত আন দহ জনতকৈ অলপ বেলেগ। পৰিষ্কাৰ,পৰিচিন্নকৈ সুন্দৰ পোছাক পৰিধান কৰা, কথা পাতিলে ভাল লাগি যোৱা যদিও ভিক্ষাৰী  তথাপি প্ৰথম দেখাত ভিক্ষাৰী যেন নলগা তেওঁ চহৰ খনৰ বহু লোকৰ বাবে ভাল লগা এজন ব্যক্তি।য’তেই যায় তাতেই সন্মান,মৰম লাভ  কৰা বৰ সুখী যেন অনুভব হোৱা তেওঁৰ আছে এমুঠি   বিষাদ। যিয়েই প্ৰতি নিশা তেওঁক খুলি খুলি খাই। যাৰ বাবে তেওঁ  কেতিয়াবা ৰাতি ৰাতি কান্দে।  অকলে কাৰোবাৰ লগত কথা পাতে কেতিয়াবা উৰে নিশা।বিষয়তো আশে পাশে থকা মানুহ বোৰৰ মাজত  প্ৰথম অৱস্থাত মানসিক ৰোগ বুলি ধাৰণা কৰিছিল কিন্তু  পাছত ই ভুল প্ৰমাণ হৈছিল।এটা সময়ত শিক্ষিত মানুহ বুলি চিনাকি হৈ পৰা  লগতে ভদ্ৰ মানুহ বুলি অনুভব কৰা, তেওঁ ক’ৰ মানুহ কেতিয়া আহিল এই সকলো গম পাইছিল,কিন্তু কোনেও কোনো দিন গম  নাপালে তেওঁ  ব্যক্তিগত জীৱনৰ এই দুখ ভৰা দিনৰ কথা  যি বোৰে বহুতো ৰাতি চকুলো নমাইছিল।যদিও কোনো প্ৰকাৰে ইয়াক জনা নগ’ল প্ৰতি জন চহৰ বাসীৰ বাবে প্ৰিয় মানুহ তেওঁৰ   বাবে সকলোৱে  ঈশ্বৰক  প্ৰাৰ্থনা কৰিছিল, হে” প্ৰভু মানুহ জনৰ বিষাদ বোৰ দূৰ কৰি মানুহ জনক শান্তি দিয়ক।বহুত দেৰি লাগিছিল তথাপি তেওঁৰ দুখৰ কথাৰ বোৰ ঈশ্বৰে এদিন শুনিছিল লগতে শুনিছিল মানুহ বোৰৰ কাকূতি । তাৰে ফল স্বৰূপে এদিন আহিছিল এজনী মহিলা আৰু দহ, বাৰ বছৰ বয়সৰ এজন লৰা সেই চহৰ খনৰ এটা মন্দিৰলৈ বুলি। আৰু সেই সময়ত তেওঁ আছিল  এমুঠি অন্ন বাবে মন্দিৰৰ চৌহদ শাৰী পাতি। ঠিক তেতিয়াই  তেওঁ চকু পৰিছিল মানুহ জনিৰ ওপৰত।বহু সময় তেওঁলৈ চাই আছিল তেওঁ শেষত তেওঁ ভাবি উলিয়াইছিল তেওঁ কোন! ফলত  তেওঁ যেতিয়া অন্ন দি আঁতৰি গৈছিল তেতিয়া তেওঁৰ পাছ লৈছিল।সিফালে মানুহ জনিয়েই প্ৰথম অৱস্থাত চিনিব নোৱাৰি অচিনাকি পায় অলপ ভয় খাই বেগেৰে আঁতৰি যাবলৈ চেষ্টা কৰিছিল পিছে এটা সময়তে চহৰ খনত মাজ মজিয়াত তেওঁৰ হাত  খনত খামুচি ধৰিছিল মানুহ জনে।লগে লগে হোৱাদোৱা  লাগিছিল ঠাই খনত  পলকতে বহুত মানুহ গোট খাইছিল। এই মানুহ বোৰে এক অভাৱনীয় কাণ্ড দেখি আচৰিত হৈ পৰিছিল। আৰু তেতিয়াই লাভ কৰিছিল তেওঁলোকে কোনো দিনে নোপোৱা প্ৰশ্নৰ বোৰৰ এটা এটা কৈ সকলো উত্তৰ।প্ৰথমে কোনেও বুজি পোৱা নাছিল লগ পোৱাৰ অলপ পাছতে  দুই জনে কান্দিছিল, লগতে কান্দিছিল সৰু লৰা টোৱে।  পিছতহে গম পালে যে তেওঁ সেই  বিষাদ কাৰণ  সিহঁত আছিল।এক ঘণ্টা মান গুচি গ’ল এনেকৈ। তাৰ পাছত অকণ, অকণ কৈ তিনিওৰে মুখত  সিহঁত হাঁহি বিৰিঙি উঠা দেখিবলৈ পোৱা গ’ল।এই খবৰ  এই কথা বেছি পৰ নালাগিল। বিয়াপি পৰিছিল বন জুইৰ দৰে  গোটেই চহৰ খনত। লগতে হৈ পাৰিছিল চহৰ খন এক যেন সুখ বিশাল মেলা।সুখী এই বাবেই যে তেওঁলোকে বিচাৰি থকা মানুহ জনৰ এই দিন আহিব যে আৰু বাকী নাই বুজি উঠিছিল।লগতে গোটেই চহৰ খনে বিচাৰি থকা এই মানুহ জনৰ প্ৰকৃত সত্য সন্ধান পালে।আচলতে কথাটো হ’ল কি,  সেই মানুহ জনী আছিল তেওঁৰ পত্নী আৰু লৰা টো আছিল তেওঁৰ পুত্ৰ। ঘটনা ক্ৰমে চহৰৰ পৰা বিশ কিলোমিটাৰ আঁতৰত অৱস্থিত গাওঁ খনত তেওঁৰ আছিল এটা সময়ত এখন সুখৰ সংসাৰ। এদিন আহিছিল  বলিয়া বান সুখৰ  পজা, ধনে,ধান, মৰম, ভালপোৱাৰে উপচি থকা সুখৰ সংসাৰ শেষ কৰি ভাঙি চিঙি নিশেষ  কৰিছিল। হৈ পৰিছিল পত্নী পুত্ৰ পৰা বিছিন্ন। বহু চেষ্টা কৰিও পোৱা নাছিল সিহঁতক ঘূৰাই । শেষত  সৰ্বহাৰা তেওঁ  জীয়াই থকা তাৰণাত হৈ পৰিছিল পদপথৰ  এজন ভিক্ষাৰী।