ফাগুন : অন্তৰ্দাহৰ সজীৱ কাব্য
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
হয়, ফাগুন চাগে সকলোৱেই
ভাল পায়,,,
সকলোৰে প্ৰিয়।
কিন্তু কেতিয়াবা কোনোবাই
ভাৱি চাইনে,,,
সৰাপাতৰ সেই গোপন ব্যেথা,,,?
সেউজী গুছি হালধীয়া হোৱাৰ
বিষাদৰ গাথা,,,,,!
হ’লেও যে ফাগুন বৰ প্ৰিয়,
কিয়নো ফাগুনে বুজাই, শিকাই
হেৰুওৱা মানেই ইতি নহয়,
এক নতুন যাত্ৰাৰ আৰম্ভণি হে।
সৰাপাতৰ শূণ্য বুকুত লিখা হয়
প্ৰেমৰ এক সেউজী কাহিনী,
পলাশৰ ৰাঙলীয়ে দি যায়
নতুনত্বৰ আগজাননী।