ফাগুনৰ বতৰ
এছ ইছলাম, শিক্ষক
মইনবৰী, বৰপেটা
ফাগুনৰ বতৰত
বসন্তৰ আগমন,
কুলিৰ সুৱদি মাতত
কাঢ়ি লয় আমাৰ মন।
সৰাপাতৰ মৰ-মৰণি
বা-মাৰুলিৰ দপদপনি,
উৰে বতাহত কহুঁৱা ফুল
নদ-নদীৰ দুয়ো কূল।
শিমলু জোপাৰ তলত
মদাৰ ফুলৰ গোন্ধত ,
শেৱালিৰ সুবাসত
মন মোৰ হৰষিত ।
বৰদৈচিলাৰ খৰ গতি
ঘৰ-দুৱাৰ ভাঙি কৰে ক্ষতি
আইতাৰ বোলে মহাজ্বৰ
সেয়ে তোমাৰ গতি খৰধৰ।
এজাক বৰষুণ পৰিলে
ধৰণীৰ সজীৱতা মিলে
গছে গছে কুঁহিপাত
চৰাই-চিৰিকটিৰ শুৱলা মাত।