ফাগুনৰ ধূলিয়ৰি বা – বিশ্বজিৎ বৈশ্য

ফাগুনৰ ধূলিয়ৰি বা

বিশ্বজিৎ বৈশ্য,বংশৰ (শুৱালকুছি)

সৰা পাতে পাতে ফাগুন নামে।আৰম্ভ হোৱা ফাগুনৰ সেই ধূলিয়ৰি বা ই লৈছে নতুন ৰূপ, প্ৰাণ পাইছে ফাগুনৰ নতুনত্বৰ সুবাস। ধূলিয়ৰি নীলা আকাশ খনত ভৰি পৰিছে এজাক বলিয়া বতাহৰ খোজ। ফাগুনৰ ধূলিয়ে যেন চকুৱে মুখে সানি দি যায় এটি অবুজ গীতৰ মধুৰ সুৰ। পাতবোৰ সৰি পৰা সেই নঙঠা গছবোৰে যেন ৰিঙিয়াই মাতে, উদাসী ফাগুনক। কৈ যায় মনৰ বতৰা, দি যায় আকাশৰ ৰং। অভিমানী ফাগুনৰ সৃষ্টিৰ বীজ সিচি কঢ়িয়াই আনে নিজস্ব সৌন্দর্যৰ লগতে উদাস কৰে মানুহৰ মন। ফাগুন মাহ ৰং ৰ মাহ, এই ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিতে উদযাপন কৰা হয় ৰং ৰ উৎসৱ ফাকুৱা।এই ফাগুন মাহতে পলাশ,মদাৰ,শিমলুৱে আকাশৰ চৌপাশ ৰাঙলী কৰি তোলে। কঢ়িয়াই আনে অন্য এক সৃষ্টিৰ পাতনি। মাহৰ শেষৰ ফালে আকৌ নঙঠা গছ বোৰে ন- কুঁহিপাতে গজালি মেলে। শুকাই নিয়া ফাগুনৰ বা ই জীপাল কৰি দি যায় বসন্তৰ আগমনৰ বতৰা। এইয়াই ফাগুন ফাগুন লগা মাদকতা।