পৰীৰ দেশত এদিন
ধনটিয়ে হাতত চিলাখন লৈ ঘৰৰ ওচৰতে থকা মুকলি পথাৰখনলৈ গ’ল। ফাগুন মাহত বতাহ বলি থাকে বাবে চিলা আকাশৰ বহু ওপৰলৈ যায়। ধনটিয়ে চিলাখন এৰি দি সূতাডাল ঢিলা কৰি পাছলৈ উভতি চাৰি খোজমান দৌৰি দিলে ৷ বতাহে চিলাখন উৰাই লৈ গ’ল। সি মাটিত ৰৈ থাকিল যদিও মনটো চিলাৰ লগতে উৰি গ’ল। সি গৈ থাকোতে বাটতে এগৰাকী দীপলিপ পৰীক লগ পালে। পৰীয়ে ধনটিক নিজৰ দেশলৈ লৈ গ’ল। ধনটি পৰীৰ দেশ পাই আপোনপাহৰা হৈ পৰিল ৷ ৰং-বিৰঙৰ ফুল-ফলেৰে হালিজালি থকা গছ, বন, নানাধৰণৰ চৰাই-চিৰিকটি, নির্মল পানীৰ নিজৰা আদিবোৰ পাৰ হৈ সোণ-ৰূপেৰে সজ্জিত এটা অট্টালিকা দেখা পালে। পৰীয়ে ধনটিক তালৈ লৈ গ’ল আৰু যি মন যায় তাকে খাবলৈ ক’লে। ধনটিৰ খোৱা বস্তুবোৰ দেখি লোভৰ পানী পৰিল যদিও তেওঁলোকৰ আদপ-কায়দা দেখি তভক মানিলে। কোনেও একো খোৱা বস্তু নষ্ট কৰা নাই। যিমান খাব পাৰিব সেই পৰিমাণৰ খাদ্য-বস্তুহে থালত লৈছে। অতিৰিক্ত একো লোৱা নাই। ধনটিৰ তাৰ মাহীয়েকৰ বিয়ালৈ মনত পৰিল। মাহীয়েকৰ বিয়াত এনেদৰে নিজে নিজে লৈ খাব পৰা ব্যৱস্থা কৰিছিল। কিন্তু মানুহবোৰে প্ৰতিবিধ খোৱাবস্তু থালত ভৰাই লৈ আধা খাইছে আৰু আধা নষ্ট কৰিছে। দুই-এজনেহে থাল শেষ কৰি খাইছে-মানে অতিৰিক্ত বস্তু লোৱা নাই। সি তাৰ বান্ধৱী পৰীক সুধিলে, ʼতোমালোকৰ কোনেও একো নষ্ট কৰা নাই কিয়?’ পৰীয়ে উত্তৰ দিলে-‘খাদ্য-বস্তুবোৰ সীমিতহে, পালো বুলিয়েই আমি সৰহকৈ খোৱা বা নষ্ট কৰা উচিত নহয়। কিছুসংখ্যক প্রাণী খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে। সেয়ে আমি সকলো প্ৰাণীৰ কথা চিন্তা কৰিব লাগে।’ পৰীৰ কথা শুনি ধনটিৰ মনটো বৰ দুখ লাগিল। আমাৰ মানুহবোৰে বাৰু কিয় বুজি নাপায়? এদিন সি স্কুলত মধ্যাহ্ন ভোজনত থাল শেষ কৰি খাওঁতে লগৰ পিংকুৱে তাক খকুৱা বুলি কৈছিল। সি মনতে ভাবিলে। এনেতে তাৰ হাতৰ পৰা সূতাৰ গুলিটো সৰি পৰিল। চিলাখনো মাটিলৈ ঘূৰি আহিল। পৰীৰ দেশত শিকি অহা কথাবোৰ সি বিদ্যালয় আৰু চুবুৰিৰ সকলো লোককে ক’ব বুলি সি মনতে স্থিৰ কৰিলে।
বন্দিতা শৰ্মা কন্দলি