প্ৰেমিক মন
ৰামেশ্বৰ নাথ
কোনে কয় মই প্ৰেমিক নহয় বুলি
দেশ মাতৃৰ সেৱাত ব্ৰতী হৈ
হাতত মৰণাস্ত্ৰ তুলি ল’লো বুলিয়ে
মই প্ৰেমিক হ’ব নোৱাৰো নেকি ?
আমিও আইনৰ সজাত বন্দী
একো একোটা প্ৰেমিক চৰাই ।
ফাগুণৰ পছোৱাত
কমুৱা তুলা উৰাৰ দৰে
আমাৰ ও উৰি ফুৰে মন ।
খাকী পোছাক যোৰৰ আঁৰত
আমাৰ ও লুকাই থাকে
এটি সুন্দৰ প্ৰেমিক মন ।
নগ্ন বিৰিখত ৰক্ত শিমলু ফুলা দেখিলে
মনটো নষ্টালজিক হৈ পৰে,
লৱৰি ঢাপৰি ঘূৰি যাওঁ
এৰি অহা শৈশৱৰ স্মৃতি বিচাৰি ।
মনলৈ উভতি আহে শৈশৱৰ
দৰা কইনা, ৰজা ৰাণী, পাৰ পানী
আৰু কিমান যে মিঠা মিঠা দুষ্টামি ।
শৈশৱৰ স্মৃতিয়ে কেতিয়াবা
বাৰিষাৰ বৰষুণ আহা দি
দুচকুত চকুলোঁ তিয়াই ।
মন যায় কেতিয়াবা ব্যস্ততাৰ মাজতো
অকণমান সময় উলিয়াই
প্ৰকৃতিৰ মাজত কল্পনাৰ সাগৰত
নিজকে বিলীন হৈ যাব ।
সেয়ে কল্পনাৰ সাগৰত পৰি
লিখি যাওঁ হৃদয়ৰ অনুভৱ ।
কেতিয়াবা বিষাদ আকৌ
কেতিয়াবা ৰোমান্টিক অনুভৱ ।