প্ৰিয়া – বুলেন নাথ

প্ৰিয়া
বুলেন নাথ, গৰুখুটি, দৰং
তোমাক নাচাঁও বুলি ভাৱিলেও
চাইকেল খন থমকি ৰয়
তোমাৰ ঘৰৰ আগত গৈ ।
হয়তো ভঙা চাইকেলখনো
প্ৰেমত পৰিছে তোমাৰ
ঠিক মোৰ লগে লগেই ।
তোমাক দেখিলে অভিমানত
নামাতো বুলি ভাৱো
তথাপিও হাতৰ আঙুলি কেইটাই
অজানিতেই টিকিলাই দিয়ে
মোৰ প্ৰাণৰো প্ৰাণ
ভঙা চাইকেল খনত ।
হয়তো আঙুলি কেইটাই
আজিও পাহৰিব পৰা নাই
গোলাপৰ দৰে কোমল
তোমাৰ লিহিৰি হাতৰ পৰশ ।।