প্ৰাগজ্যোতিষ কলেজত চাৰিদিনীয়া কাৰ্যসূচীৰে কৌশল বিকাশ আৰু জীৱিকা পৰামৰ্শৰ প্ৰশিক্ষণ শিবিৰ

pc- Justdial

প্ৰাগজ্যোতিষ কলেজত চাৰিদিনীয়া কাৰ্যসূচীৰে কৌশল বিকাশ আৰু জীৱিকা পৰামৰ্শৰ প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাগজ্যোতিষ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট আৰু গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে কৌশল বিকাশ আৰু জীৱিকা পৰামৰ্শৰ প্ৰশিক্ষণ শিবিৰৰ আৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই আৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজত এন এছ এছৰ ভূমিকা তথা দায়বদ্ধতা সম্বন্ধীয় বক্তৃতা প্ৰদান কৰে। মুখ্য অতিথিৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ, সঞ্চালক তথা কার্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতি উপস্থিত থাকে। তেওঁ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ২০১৯-২০ বৰ্ষৰ বঁটা অৰ্জন কৰা বাবে তেওঁক মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নযুক্ত এখনি ফুলাম গামোছা আৰু এটি ফুলৰ তোৰাৰে অধ্যক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি তেওঁ ছাত্র ছাত্রীসকলক উদ্দেশ্যি এন এছ এছ সম্বন্ধীয় তেওঁৰ অভিজ্ঞতাসমূহ অভিব্যক্ত কৰাৰ লগতে জীৱনত কৌশল বিকাশৰ মাধ্যমেৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানটোত উপাধ্যক্ষ দীপিকা ৰয় মেধিয়ে ‘মোৰ দেশ’ শীর্ষক কবিতাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক দেশ সেৱাৰ বাবে উদ্বুদ্ধ কৰি তোলে। চাৰিদিনীয়া কাৰ্যসূচীৰ এই শিবিৰত প্ৰশিক্ষক হিচাপে মেঘনা কৌশিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটিত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে যোগদান কৰে। চাৰিদিনীয়া অনুষ্ঠানৰ এই প্রশিক্ষণ শিবিৰৰ অহা ২৮ অক্টোবৰ ২০২১ তাৰিখে সামৰণি পৰিব।