প্ৰাক্তন সাংবাদিক-ৰাজনীতিক মনজিৎ মহন্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

প্ৰাক্তন সাংবাদিক-ৰাজনীতিক মনজিৎ মহন্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাক্তন সাংবাদিক মনজিৎ মহন্তৰ সোমবাৰে পুৱতি নিশা ২ বজাত চিকিৎসাধীন অৱস্থাত অকাল বিয়োগ ঘটে। মহন্ত সুদীৰ্ঘ দিন ধৰি সংবাদ সেৱাৰ লগত জড়িত আছিল। তেওঁ ‘অসমীয়া প্ৰতিদিন’ আৰু ‘আজিৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদকৰূপে দীৰ্ঘদিন দায়িত্ব পালন কৰিছিল । গুৱাহাটী প্ৰেছ ক্লাবৰ লগতো তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁৰ অকাল মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যই গভীৰ শোক প্ৰকাশ কৰিছে। অতি ৰসাল, দূৰদৰ্শী, বৌদ্ধিক চিন্তা-চৰ্চাৰে সমৃদ্ধ মনজিৎ মহন্তৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি। ইফালে মহন্তৰ নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাবলৈ অনাৰ পাছতে ক্লাবৰ সভাপতি,সম্পাদককে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।প্ৰাক্তন সাংবাদিক তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাইও প্ৰেছ ক্লাবত উপস্থিত হৈ মহন্তলৈ শেষ শ্ৰদ্ধা জনায়। মহন্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।