প্ৰসংগঃএক লাখ নিযুক্তি দিব্যাংগৰ সংৰক্ষিত পদত সুকীয়াকৈ নিযুক্তিৰ দাবী

pcShine Learning

প্ৰসংগঃএক লাখ নিযুক্তি দিব্যাংগৰ সংৰক্ষিত পদত সুকীয়াকৈ নিযুক্তিৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০০৮ চনৰ পৰা ২০২০ চনলৈকে অসম চৰকাৰৰ বিভিন্ন বিভাগত ’বেকলগ’ হৈ থকা পদসমূহ পূৰণ কৰাৰ লগতে বৰ্তমান হ’বলগীয়া এক লাখ নতুন নিযুক্তিত দিব্যাংগসকলৰ ৪ শতাংশ সংৰক্ষিত পদসমূহ সুকীয়াভাৱে নিযুক্তিৰ দাবী জনাইছে দিব্যাংগ মঞ্চ অসমে৷আজি এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ সম্পাদক চেমিম আহমেদে কয়-বৰ্তমান দীনদয়াল আঁচনিৰ অধীনত প্ৰতিমাহে দি থকা এক হাজাৰ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰ টকালৈ বৃদ্ধি কৰিব লাগে৷অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দিব্যাংগ ভাই ভনীসকলৰ সুবিধাৰ্থে গুৱাহাটীৰ মাজমজিয়াত এটা দিব্যাংগৰ নৈশ আশ্ৰয়স্হলৰ ব্যৱস্হা কৰিব লাগে৷প্ৰতিখন জিলাত চৰকাৰী সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত দিব্যাংগসকলৰ বাবে ৫ শতাংশ অনুজ্ঞাপত্ৰ দিব লাগে৷অসম চৰকাৰে দিব্যাংগসকলৰ বাবে দি থকা অৰুণোদয় আঁচনিটো সমাজকল্যাণৰ অধীনৰ দ্বাৰাই ব্যৱস্থা কৰিব লাগে৷প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দি থকা আৱাস ৫ শতাংশ আৰু অসম বিধানসভাত দিব্যাংগৰ বাবে কমেও ৪ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰিব লাগে৷উক্ত দাবীসমূহ মানী নল’লে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতি যোগে নেতাজনে জানিবলৈ দিছে৷