প্ৰফেট মোহাম্মদ ছঃ আৰু মুছলমানৰ অনুভূতি – ফখৰুদ্দিন আহমেদ

PC-Alamy

প্ৰফেট মোহাম্মদ ছঃ আৰু মুছলমানৰ অনুভূতি

ফখৰুদ্দিন আহমেদ

প্ৰফেট মোহাম্মদ ছঃক বি জে পিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দিল্লীৰ বি জে পি নেতা নবীন জিন্দালে কৰা অবাঞ্চনীয় মন্তব্যই বিশ্বৰ লগতে ভাৰতবৰ্ষৰ মুছলমান সকলৰ ধৰ্মীয় আবেগত মোক্ষম আঘাত কৰিছে। ইয়াৰ প্ৰতিফলন ইতিমধ্যে বিভিন্ন মাধ্যম যোগে প্ৰচাৰিত হৈছে। এই ক্ষেত্ৰত ৰূপৰেখা জাতীয় ভাবে উল্লেখ কৰিবলৈ হ’লে বিগত কেই বছৰ মানৰ পৰা বিশেষ ভাবে বি জে পি , আৰ এছ এছ আৰু হিন্দুত্ববাদী কিছু সংখ্যক নেতাই মুকলিমুৰীয়া ভাবে ইছলাম ধৰ্ম , পবিত্ৰ কোৰান আৰু প্ৰফেট মোহাম্মদ ছঃ সম্পৰ্কে কটু আৰু বিস্ফোৰক মন্তব্য কৰি আহিছে। মন কৰিবলগা বিষয় হৈছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যিখন সংবিধান মৰ্মে দেশখন পৰিচালিত হৈ আহিছে সেই মৰ্মে ভাৰতবৰ্ষ গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।মুছলমান সকলক ধৰ্মীয় ভাবে আবেগত আঘাত কৰি অহা এনে নেতা সকল ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰধান শত্ৰু আৰু ভাৰতবৰ্ষৰ উন্নয়ণৰ মূল অন্তৰায় স্বৰূপ।
দ্বিতীয় বিশ্ব যুদ্ধৰ অনাহুত পৰিস্থিতিৰ সময়ত বিখ্যাত দাৰ্শনিক আৰু সাহিত্যক জৰ্জ বাৰ্ণাড শ্ব’ই মন্তব্য কৰিছিল যে বিশ্ব যুদ্ধৰ তেনে সময়ত প্ৰফেট মোহাম্মদ ছঃ জীবিত থাকিলে বিশ্ব যুদ্ধৰ সমস্যা তাৎকালিন ভাবে সমাধান হ’লহেতেন। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ মূল হোতা , মহামানব আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ ওচৰত প্ৰফেট মোহাম্মদ ছঃ সম্পৰ্কত থকা সকলো গ্ৰন্থ শেষ হৈ যোৱাত আক্ষেপ কৰি লিখিছিল যে তেখেতৰ ওচৰত প্ৰফেট মোহাম্মদ ছঃ সম্পৰ্কত আৰু অনেক বেছি গ্ৰন্থ থকা হেতেন তেখেত সুখী হ’লহেতেন। এনে ধৰণে বিশ্বৰ মহা মনীষি সকলে প্ৰফেট মোহাম্মদ ছঃক অকাতৰে সন্মান প্ৰদৰ্শণ কৰাৰ পিছত নুপুৰ শৰ্মা বা নবীন জিন্দালৰ দৰে ব্যক্তিৰ বক্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বৰঞ্চ তেওঁলোক গৰিহনাৰহে পাত্ৰ ।
বিশ্বৰ বিভিন্ন দেশ উন্নয়ণৰ দিশত পুৰ্বতকৈ ওপৰলৈ গতি কৰি থকাৰ সময়তে কিছুদিন পুৰ্বে বিভিন্ন সংবাদ মাধ্যম যোগে জানিব পৰা গৈছিল যে বিশ্ব বেংকৰ তালিকাত উন্নয়ণশীল দেশৰ তালিকাৰ পৰা অবনমিত হৈ ভাৰতবৰ্ষ দৰিদ্ৰ দেশৰ তালিকাত সোমাইছে।
মূল বিষয় আছিল ভাৰতবৰ্ষ উন্নয়ণশীল দেশৰ পৰা বিশ্ব বেংকৰ তালিকাত উন্নত দেশলৈ উন্নিত হ’ব লাগিছিল। এই কাৰ্য সমাধা হোৱাৰ বাবে বি জে পি দলৰ কৰ্মকৰ্তা সকলে কংগ্ৰেছ দলৰ সাত দশক যোৰা ভাৰতবৰ্ষ শাসনক দোষ দি থাকিলে নহ’ব। কংগ্ৰেছ দল দোষী বুলি কোৱাৰ পিছতো সদ্য মুহূৰ্তত ভাৰতবৰ্ষৰ শাসনৰ গাদী দখল কৰি থকা বি জে পি দলো কম দোষী নহয়। বিগত ইং ২০১৪ চনৰ পৰা কেন্দ্ৰত এই দলটি শাসনত আছে লগতে ভাৰতৰ বহু সংখ্যক ৰাজ্যতো এই দলটিয়ে শাসন কৰি আছে।
বিগত ইং ২০১৬ চনৰ পৰা প্ৰথমে সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমান ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বি জেপি দলে দিছপুৰত শাসনৰ গাদীত আছে। বিভিন্ন কাৰ্য ক্ৰমণিকাত দেশ তথা ৰাজ্যৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে ।তাৰে কিছু সংখ্যক কাৰ্যকৰী হৈছে কিন্তু বেছি সংখ্যকেই কাৰ্যকৰী নোহোৱাকৈ আছে। এনে ধৰণৰ পৰিস্থিতিৰ মাজতেই বি জে পি , আৰ এছ এছ আৰু হিন্দুত্ববাদী কিছু সংখ্যক নেতাই আৰম্ভ কৰিছে মুছলমান সকলক অাবেগিক আৰু মানসিক ভাবে আঘাত কৰাৰ নিকৃষ্ট পন্থা। এওঁলোকৰ ভাষণবোৰত বিশেষকৈ যিবোৰ ভাষণ বিভিন্ন চ’চিয়েল মেডিয়াত প্ৰচাৰিত হৈ আছে , সেইবোৰৰ পৰা অনুভব কৰিব পৰা যায় যে বৰ্তমান ভাৰতবৰ্ষত হিন্দু অৰ্থাৎ সনাতন ধৰ্ম তথা সনাতনী সকলৰ সংকট নামি আহিছে। এই সংকটৰ পৰা এই ধৰ্মটোক উদ্ধাৰ কৰা পন্থা হিচাপে ইছলাম ধৰ্ম আৰু মুছলমান সকলক টাৰ্গেট কৰি লোৱা হৈছে।
ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দিল্লীৰ বি জে পি নেতা নবীন জিন্দালে প্ৰফেট মোহাম্মদ ছঃৰ প্ৰতি কৰা অশালীন বক্তব্যত ভাৰত তথা বিশ্ব মুছলমান জাগি উঠিছে। বিশেষকৈ মধ্য প্ৰাচ্যৰ ইছলামিক দেশ সমূহৰ তীব্ৰ হেচাত বি জে পি দলে নুপুৰ শৰ্মা আৰু নবীন জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰিছে আৰু ভাৰত চৰকাৰে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা সম্পৰ্কত বিশেষ ভাবে প্ৰচাৰ কৰিছে।
ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক প্ৰফেট মোহাম্মদ ছঃৰ ওপৰত সমগ্ৰ বিশ্বৰ মুছলমান সকলৰ অগাধ আনুগত্য আৰু অনাবিল প্ৰেম আছে।এই অগাধ আনুগত্য আৰু অনাবিল প্ৰেমৰ গৰাকী প্ৰফেট মোহাম্মদ ছঃ ৰ ব্যক্তিত্বত আঘাত কৰা মানে বিশ্বৰ মুছলমানৰ ধৰ্মীয় আবেগ আৰু আনুগত্যত আঘাত কৰাৰ অন্য এটি নাম। এনে ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ মুছলমানৰ সৈতে ভাৰতৰ মুছলমান জাগি উঠি প্ৰতিবাদ সাব্যস্ত কৰাটো অতি স্বাভাবিক কথা। সেয়ে ভাৰতবৰ্ষৰ সামুহিক উন্নয়ণৰ স্বাৰ্থত জাতি , ধৰ্ম , সম্প্ৰদায় নিৰ্বিশেষে ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ তলত থিয় হৈ প্ৰফেট মোহাম্মদ ছঃ কিয় ভাৰতবৰ্ষৰ কোনো নাগৰিকে যাতে প্ৰাপ্ত ক্ষমতাৰ অপব্যবহাৰ কৰি ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কোনো জন ধৰ্মগুৰুৰ সম্পৰ্কত অশালীন আৰু অহেতুক কটু বক্তব্য প্ৰদানৰ পৰা বিৰত থাকে তাৰ বাবে ভাৰতবাসী সততে সচেতন হৈ থাকিব লাগিব। কাৰণ এনে সাম্প্ৰদায়িক বক্তব্য মাতৃভুমি ভাৰতবৰ্ষৰ অখণ্ডতাৰ বাবে ভাবুকি স্বৰূপ বুলি সাংবিধানিক ভাবেও বিবেচিত ।
বৰ্তমান সময়ত ভাৰতবৰ্ষৰ কিছুমান তথাকথিত ৰাজনৈতিক নেতা তথা সাধু-সন্যাসীয়ে ভাৰতবৰ্ষৰ মুছলমান সকলৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্নৰ অবতাৰণা কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত প্ৰণিধান যোগ্য বিষয়টি হৈছে তেখেত সকলৰ ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে থকা জ্ঞানৰ দৈন্যতা। বিশেষকৈ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম আৰু এই সংগ্ৰামৰ আৰম্ভনি তথা ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা কাৰ্যত মুছলমান সকলৰ অবদানৰ বিষয়ে তেওঁলোকে কোনো দিনে অধ্যয়ন কৰা নাই নতুবা জানিবলৈ আগ্ৰহী নহয়।
আশ্বৰ্যজনক বিষয়টি হৈছে যি সময়ত ভাৰতবৰ্ষৰ জনগণে মুল্যবৃদ্ধিক মূল হিচাপে লৈ অন্যান্য সমস্যাত পতিত হৈ ককবকাই আছে , তেনে সময়ত এনে ধৰণৰ অহেতুক , অশালীন সাম্প্ৰদায়িক বক্তব্যবোৰে আমাৰ দেশ বা ৰাজ্যখনক উন্নতিৰ ফালে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পথ প্ৰশস্ত কৰাৰ সলনি দেশৰ জনসাধাৰণক ধৰ্মীয় উগ্ৰতাৰে প্ৰভাবিত কৰি ভোটৰ ৰাজনীতিৰ অংকত ব্যস্ত কৰিছে আৰু জন সাধাৰণক মূল সমস্যাৰ পৰা আতৰাই ৰাখিবলৈ যত্নপৰ হৈছে।এইটো স্বীকাৰ্য যে বৰ্তমান সময়ত কিছু সংখ্যক বি জে পি দলৰ নেতাই দলীয় ৰাজনীতিত টিকি থাকিবলৈ গ্ৰহণ কৰা এনে নেতিবাচক পন্থাই ৰাষ্ট্ৰীয় ৰাজনীতিত বি জে পি দলটিক শ’লঠেকত যে পেলাব সেয়া ধ্ৰুব সত্য কথা।
ইতিমধ্যে অসমত এনে ধৰণৰ সাম্প্ৰদায়িক বক্তব্য আগবঢ়াই শিৰোনাম দখল কৰি থকা তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা , প্ৰাক্তন বিধায়ক শিলাদিত্য দেব আৰু জনৈক মনোজ কুমাৰ ডেকাৰ লগতে বিভিন্ন চ’চিয়েল মেডিয়াত বিভিন্ন জন সততে সক্ৰিয় হৈ থকা প্ৰত্যক্ষ কৰা যায়। ৰাষ্ট্ৰীয় পৰ্যায়ত বি জে পি দল আৰু চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিবলৈ ব্যবস্থা লৈছে , এনে ক্ষেত্ৰত কিন্তু অসম চৰকাৰে কোনো ধৰণৰ বিশেষ ব্যবস্থা গ্ৰহণ কৰা সাম্প্ৰতিক মুহূৰ্তলৈ দৃষ্টিগোচৰ হোৱা নাই। এই সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি সকলৰ বাবে অদূৰ ভবিষ্যতে সম্প্ৰীতি আৰু সমণ্বয়ৰ অসমত , শংকৰ আজানৰ দেশ অসমত যে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহ’ব তাৰ কোনো কাৰণ নাই।
এইটো সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণক সাম্প্ৰদায়িক বক্তব্যৰে ব্যতিব্যস্ত কৰা সকলো ধৰ্মৰ ব্যক্তিক চিনাক্তকৰণ কৰিবলৈ ভাৰতবাসীৰ ওপৰত দায়িত্ব সৰ্বতো প্ৰকাৰে আহি পৰিছে। এয়া ধৰ্ম পালনৰ অভিযান হ’ব নালাগে , হ’ব লাগে ভাৰতবৰ্ষৰ সংবিধানক সৰ্বতো প্ৰকাৰে সকলো সময়তে পালন কৰাৰ অভিযানৰ আন্তৰিক অংগিকাৰ।