প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী যোগীৰ বিৰুদ্ধে ‘আপত্তিজনক’ ভিডিঅ’ৰ বাবে উত্তৰ প্ৰদেশত ২ জনক গ্ৰেপ্তাৰ
অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ বালিয়াত শনিবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দুয়োজনে বিজেপি নেতাসকলৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰা দেখা গৈছিল, আৰক্ষীয়ে প্ৰকাশ কৰে। অভিযুক্তজনে এই উক্ত ভিডিঅ’টো টুইটাৰ, ফেচবুক আৰু হোৱাটছএপযোগে পোষ্ট কৰিছিল।