প্ৰধানমন্ত্ৰী মোডীৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা

প্ৰধানমন্ত্ৰী মোডীৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত তেওঁৰ নেপালী সমকক্ষ শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ত আলোচনা কৰে আৰু দুয়োখন দেশে ৰে’ল আৰু শক্তিৰ দৰে ক্ষেত্ৰত সম্পৰ্ক সম্প্ৰসাৰণৰ বাবে ৪টা চুক্তি চূড়ান্ত কৰে। বৈঠকত প্ৰধানমন্ত্ৰী মোদী আৰু দেউবাই বিহাৰৰ জয়নগৰ আৰু নেপালৰ কুৰ্থাৰ মাজত সীমান্তপাৰ ৰে’ল নেটৱৰ্ক উদ্বোধন কৰে।