অনলাইন বাৰ্ত্তাসেৱা – উত্তৰপূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিংৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে বুজ লয় কোভিড পৰিস্থিতিৰ। এই ভাৰ্চুৱেল বৈঠেকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো। মোডীয়ে উল্লেখ কৰে যে, কোভিড-১৯ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব। তেওঁ জনসমাগমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু এই প্ৰৰিস্থিতি মোকিবিলা কৰিবলৈ মাইক্ৰ’ লেভেলত কাম কৰাৰ আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলত প্ৰতি ৫ খন খন জিলাৰ ভিতৰত ৩ খন জিলাতেই যোৱা ৫ জুলাইৰ পৰা কোভিড পজিটিভিটিৰ হাৰ ১০ শতাংশৰো অধিক হৈছে। সেয়েহে এই পৰিস্থিতিক লৈ সচেতনতাৰে জনসাধাৰণৰ সজাগতাৰ বৃদ্ধিৰ বাবে আহ্বান জনাই মোডীয়ে। মুখ্যমন্ত্ৰীসকলক উদ্দেশ্যি মোডীয়ে কয়, আমাৰ সন্মুখত কোভিডৰ তৃতীয় ঢৌৰ প্ৰত্যহ্বান আছে। ইয়াৰ বাবে আমি ভেকচিনেচন প্ৰক্ৰিয়াটোক আৰু অধিক ক্ষীপ্ৰ কৰি তুলিব লাগিব। মোডীয়ে লগতে উল্লেখ কৰে যে পাহাৰীয়া চহৰসমূহত দেখা পোৱা গৈছে মাস্ক পৰিধান নকৰাকৈ মানুহে ঘুৰা-ফুৰা কৰি আছে। এয়া অতি উদ্বিগ্নতাৰ বিষয়। বজাৰসমূহতো তেনে পৰিবেশ দেখাৰ কথা প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে।
(By UK.)