প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ 

pc DNA India

প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-   ছেমি ফাইনেলত ডেনমাৰ্কক ৩-২ গ’লত পৰাস্ত কৰি ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত উপনীত হৈ ইতিহাস সৃষ্টি কৰিছে। যদিও সাত্বিক- চিৰাগ চেট্টী, শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়ে তেওঁলোকৰ নিজ নিজ মেচত জয়লাভ কৰিছিল, লক্ষ্য সেন আৰু কৃষ্ণ প্ৰসাদ গাৰাগা-বিষ্ণুবৰ্ধন গৌড় প্ৰাঞ্জলা পৰাজিত হৈছিল। দেওবাৰে ফাইনেলত ভাৰত ইণ্ডোনেছিয়াৰ মুখামুখি হ’ব।