প্ৰতিৰক্ষা মন্ত্ৰালয়ে BELৰ সৈতে ৩,১০২ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে

Pc United NewsOf India

প্ৰতিৰক্ষা মন্ত্ৰালয়ে BELৰ সৈতে ৩,১০২ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ (BEL) বেংগালুৰু আৰু হায়দৰাবাদ গোটৰ সৈতে ৩,১০২ কোটি টকাৰ দুটা চুক্তি স্বাক্ষৰ কৰিছে। মন্ত্ৰালয়ে যুঁজাৰু বিমানৰ বাবে এডভান্সড ইলেক্ট্ৰনিক ৱাৰফেয়াৰ (ইডব্লিউ) চুইট যোগান ধৰাৰ বাবে বিইএল-বেংগালুৰুৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। আনহাতে, বায়ু সেনাৰ বাবে ইনষ্ট্ৰুমেণ্টেড ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ৰেঞ্জৰ (আইইডব্লিউআৰ) বাবে বিইএল-হায়দৰাবাদৰ সৈতে আন এক চুক্তি স্বাক্ষৰিত হৈছে।