প্ৰতিৰক্ষা খণ্ডত ৭টা নতুন কোম্পানীৰ অন্তর্ভুক্তিয়ে সক্ষম ভাৰত গঢ়াৰ পূৰ্ণতা কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

pc NewsBytes

প্ৰতিৰক্ষা খণ্ডত ৭টা নতুন কোম্পানীৰ অন্তর্ভুক্তিয়ে সক্ষম ভাৰত গঢ়াৰ পূৰ্ণতা কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা – প্রধানমন্ত্রী মোদীয়ে ডি আৰ ডি অ’ চৌহদৰ এক প্ৰতিৰক্ষা মন্ত্রালয়ৰ কাৰ্যসূচীত ৭টা নতুন প্ৰতিৰক্ষা কোম্পানী মুকলি কৰে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত ৭ কোম্পানী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়— প্ৰতিৰক্ষা খণ্ডত ৭টা নতুন কোম্পানীৰ অন্তর্ভুক্তিয়ে সক্ষম ভাৰত গঢ়াৰ পূৰ্ণতা কৰিব। মই আশা কৰোঁ যে এই কোম্পানীকেইটাই দেশৰ শক্তিৰ আধাৰ হৈ উঠিব। এই অনুস্থানত তেখেতে কয়— ভাৰতে নতুন প্ৰস্তাৱ লোৱা মানেই নতুন ভৱিষ্যৎ গঢ়া।মুকলি কৰা ৭টা কোম্পানী হৈছে—মিউনিচন ইণ্ডিয়া লিমিটেড (এম আই এল), আর্মড ভেহিক’ল্‌ছ নিগম লিমিটেড (অভনি), এডভান্সড ৱেপন্‌ছ এণ্ড একুইপমেন্ট ইণ্ডিয়া লিমিটেড (এ ডব্লিউ ই ইণ্ডিয়া), ট্রুপ কমফ’ৰ্টছ লিমিটেড (টি চি এল), য়ন্ত্ৰ ইণ্ডিয়া লিমিটেড (ৱাই আই এল), ইণ্ডিয়া অপটেল লিমিটেড (আই অ’ এল) আৰু গ্লিডাৰ্ছ ইণ্ডিয়া লিমিটেড (জি আই এল)।