প্ৰতিশোধ – ময়ূৰাক্ষী গগৈ

প্ৰতিশোধ

ময়ূৰাক্ষী গগৈ, যোৰহাট

মেনকা আৰু শাহুৱেকে চোতালত কথা পাতি থাকোতে গছৰ ডালৰ পৰা হঠাৎ শালিকা এজনী আহি শাহুৱেকৰ মূৰত জোৰেৰে খোট মাৰি গুছি গʼল।। শাহুৱেকে আইও বুলি কৈ বহি পৰিল। মেনকাই ভিতৰলৈ আনি প্ৰাথমিক চিকিৎসা কৰিলে। ৰাতি শোৱাৰ সময়ত মেনকাৰ মনত পৰিল যে কেইদিনমানৰ আগতে বৰ উৎপাত কৰি থকা শালিকা এজনীক ভয় খোৱাইছিল। ৰুমৰ ভিতৰত সুমাই থকা শালিকা জনীক ভয় খোৱাকৈ দীঘল মাৰি এডালেৰে তাইৰ গাত নপৰাকৈ জোৰে জোৰে বেৰত কোবাইছিল। অলপ সময় তেনেকৈ ভয় খোৱাই ৰুমৰ পৰা উলিয়াই দিছিল আৰু শালিকা জনীয়ে ছাগে সেই খং পাহৰা নাছিল। প্ৰতিশোধ ল’বলৈ গৈ হয়তো চিনিব নোৱাৰি শাহুৱেককে খুটিলে। হায়! চৰায়েও প্ৰতিশোধ ল’ব জানে।