প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ

Pc The Economic Times

প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ

ৰঙিলী বাৰ্ত্তাসেৱা- অৰ্থনৈতিক সংকটে জ্বলাইছে শ্ৰীলংকাক ৷ দেশখনৰ ৰাজধানী কলম্বোত প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেৰ ব্যক্তিগত বাসগৃহত প্ৰৱেশ কৰে আৰু জ্বলাই দিয়ে৷ক্ষুব্ধ লোকসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে যদিও প্ৰতিবাদকাৰীসকল প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যায় আৰু ঘৰটো জ্বলাই দিয়ে৷ ইয়াৰ আগতে দিনৰ ভাগত শ্ৰীলংকাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগৰ দাবীৰে নিৰাপত্তাৰক্ষীৰ অৱৰোধ ভেদ কৰি মধ্য কলম্বোত থকা দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত প্ৰৱেশ কৰে৷ নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ দুজন লোককে ধৰি ৪০জন লোক আহত হয়৷