প্ৰতিটো দিনেই যেন এক প্ৰত্যাহ্বান – প্ৰিয়ংকা চমুৱা

PC - Loving Life
প্ৰতিটো দিনেই যেন এক প্ৰত্যাহ্বান
প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ 
প্ৰতিটো পল যেন জীৱনৰ শেষ পল মোৰ বাবে
এনে লাগে আজিকালি
শেষ হৈ গৈছো যেন ক্ৰমশঃ
ভাগৰি পৰিছোঁ যুঁজি
নোৱাৰিছো সহিব আৰু যন্ত্ৰণা জীৱনৰ…।
জীয়াই থাকিবৰ বাবেই যে কত হাহাকাৰ
কত সংগ্ৰাম
শৰীৰৰ প্রতিকুলতাই অৱশ কৰিছে ক্ৰমশ:
বুকুৰ ভিতৰে বাহিৰে
হাজাৰ হুমুনিয়াহৰ কোলাহল…।
হাৰি গৈছোঁ হাজাৰ চেষ্টা কৰিও
মৰি হৈছোঁ মনেৰে প্ৰতিজ্ঞা ৰাখিব নোৱাৰি আপোনবোৰক দুখি কৰি
নিজক পলৰিয়া সাজিছো
আৰু যে কত কি!
জীৱনৰ এই কঙাল মৰুভূমিৰ
এইপাৰে মই
সিপাৰে হয়তু আছে শত সুখৰ সাগৰ…!
মইহে পাৰাপাৰ বিচাৰি নাপাই
আঠুৱনি পানিতে ডুবিলো।
এতিয়া কেৱল অন্ধকাৰ
নাজানো আছে ক’ত পোহৰৰ পথ
দেখাব কোনে জোনাকৰ পদূলিৰ
নাহৰৰ ৰং
তুমি দেখাবা নেকি,নে দেখাব তেওঁ?