প্ৰণাম -অৰুণা গোস্বামী

Pc Notun Puhor

প্ৰণাম

শিল্পী তুমি বিষ্ণুৰাভা

তোমাক প্ৰণাম ,

 কলাগুৰু ৰূপে তুমি

চিৰজ্যোতিষ্মান ৷

অসমৰ চুকে-কোণে

পাহাৰে-ভৈয়ামে

বিলাইছিলা সংস্কৃতিৰ আভা ,

কৃষ্টিৰ পথাৰত

বিধে- বিধে শইচ ৰুই

বঢ়াইছিলা সংস্কৃতিৰ শোভা ৷

তুমি আছিলা কৃষকৰ বন্ধু ,

দুখীয়াৰ হিয়াৰ আমঠু ৷

তোমাৰ গীতৰ সুৰৰ মুৰ্চনা ,

কালজয়ী গীত তুমি কৰিলা ৰচনা ৷

গীতিকাৰ , সুৰকাৰ ,

চিত্ৰকৰ , কলাকাৰ ,

নৃত্যবিশাৰদ তুমি

সৰ্বগুণাকৰ ৷

শিল্পী তুমি বিষ্ণুৰাভা

তোমাক প্ৰণাম ৷৷

 -অৰুণা গোস্বামী
তিতাবৰ