প্ৰজ্ঞাৰ উদ্যোগত ১ ৰ পৰা ৪ অক্টোবৰলৈ ‘ভাৰতমাতা পূজন ২০২২’

প্ৰজ্ঞাৰ উদ্যোগত ১ ৰ পৰা ৪ অক্টোবৰলৈ ‘ভাৰতমাতা পূজন ২০২২’

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত ১- ৪ অক্টোবৰত চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ‘ভাৰতমাতা পূজন ২০২২’ অনুষ্ঠান অনুষ্ঠিত হয়।ভাৰতমাতা পূজনৰ প্ৰতিটো দিনতে সন্ধিয়াৰ পৰা পূজন ক্ষেত্ৰত শিশুসকলৰ মনোৰঞ্জন তথা জ্ঞানৰ বাবে পুতলা নাচ প্ৰদৰ্শনৰ ব্যৱস্হা কৰা হয়৷ ভাৰতমাতা পূজন সমিতিৰ সভাপতি,অভিনেতা মন্মথ বৰুৱাই জানিবলৈ দিয়া মতে ১ অক্টোবৰত বন্দে মাতৰম গীতত নৃত্য প্ৰতিযোগিতাৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানত আল্পনা প্ৰতিযোগিতা,প্ৰদৰ্শনী মুকলি,ভাৰতমাতাৰ প্ৰতিমাৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু অখন্দ ভাৰত প্ৰদক্ষিণ,বন্দে মাতৰম গীতত সমূহীয়া নৃত্য৷২ অক্টোবৰত দিনৰ ভাগত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি,গুৰু পূজন,বিএছএফ দলৰ সাংস্কৃতিক অনুষ্ঠান৷৩ অক্টোবৰত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান সামৰণি মৰা হয়৷অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷