প্ৰকৃতিৰ বিধৱংসী ৰূপে মুহুৰ্ততে তচনচ কৰিলে ঘৰদুৱাৰ, গছ-গছনিৰ লগতে খেতি পথাৰত

প্ৰকৃতিৰ বিধৱংসী ৰূপে মুহুৰ্ততে তচনচ কৰিলে ঘৰদুৱাৰ, গছ-গছনিৰ লগতে খেতি পথাৰত

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  বিধৱংসী শিলাবৃষ্টি আৰু ধুমুহাই তচনচ কৰিলে ঘৰ-দুৱাৰ, গছ-গছনি শষ্যৰ খেতি। প্ৰকৃতিৰ বিধৱংশী ৰূপ।মূহুৰ্ততে তচনচ কৰিলে ঘৰ-দুৱাৰ খেতি পথাৰৰ লগতে প্ৰকাণ্ড গছ বাগৰি বাট পথত চলাচলত অসুবিধাৰ সন্মুখীন হৈছে। বিদ্যুৎৰ তাৰ ছিঙি ব্যাহত হৈছে বিদ্যোুৎ যোগান ধৰাতো। ১৬ এপ্ৰিল তাৰিখে হৈ যোৱা প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো ।এই প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিয়ে ক্ষতি কৰিছে। নগাঁও জিলাৰ ধিং ,কান্ধুলিমারি আদি অঞ্চলসমূহত প্ৰৱল ধুমুহাই যথেষ্ট ক্ষতি সাধন কৰা দেখা গৈছে। দোকান, ব্যাৱসায়িক প্ৰতিষ্ঠানৰ লগতে উপাসনা স্থলীতো যথেষ্ট ক্ষতি হোৱা দেখা গৈছে। দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়তেই প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিয়ে খেতি পথাৰৰ শস্য ধবংস কৰাত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।এই সংকটৰ সময়ত দূৰ্যোগ ব্যৱস্থাপনা বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।