পোহৰৰ উৎসৱ দীপাৱলী আৰু কালি পূজা-ৰাজলক্ষ্মী বৰঠাকুৰ

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালি পূজা

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

দীপাৱলী হ’ল পোহৰৰ উৎসৱ।ভাৰতীয় পৰম্পৰাত এই উৎসৱ পাঁচ দিনকৈ‌ পালন‌ কৰা হয়। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত এই উৎসৱ পালন কৰি অহা হৈছে।দীপাৱলী অতি জনপ্ৰিয় উৎসৱ আৰু এই উৎসৱে “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ ,আৰু বেয়াৰ বিৰুদ্ধে ভালৰ প্ৰতিনিধিত্ব কৰে। দীপাৱলীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ -দুৱাৰ , দোকান -পোহাৰ সুন্দৰকৈ সজাই পৰাই তুলে। দীপাৱলীৰ দিনা সকলোৱে সুন্দৰ সাজ-পোছাক পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি,মম, আলোকসজ্জাৰে আলোকিত কৰে। সেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা কৰা হয়। দীপাৱলীৰ সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে‌ উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষ ভাৱে জনপ্ৰিয়। ভাৰতৰ ভিন- ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। দীপাৱলী পালন‌ৰ কেইবাটাও পৌৰাণিক আখ্যান আছে । লোক বিশ্বাস অনুসৰি দীপাৱলী হল ভগৱান ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাসৰ অন্তত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি যেতিয়া অযোধ্যাত প্রৱেশ কৰিছিল, তেতিয়া ৰামচন্দ্ৰৰ আগমনৰ আনন্দত সমগ্র অযোধ্যাবাসীয়ে ঘৰে ঘৰে বন্তি জ্বলাই চৌদিশ আলোকময় কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপাৱলী পালন কৰা হয়। আকৌ অন্য এটা প্রবাদমতে দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে সৰগ আক্ৰমণ কৰি দেৱতাসকলৰ সৰ্বস্ব কাঢ়ি আনিলে। কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্র শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয় । ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰক নিধন কৰিলে। অসুৰ নাশ হোৱা বাবে তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল। প্রবাদমতে তেতিয়াৰ পৰাই দীপাৱলী পালন কৰা হয়। কাতি মাহৰ অমাৱস্যা তিথিত কালী- পূজা পালন কৰা হয়। দীপাৱলীৰ দিনা এই উৎসৱ পালন কৰা দেখা যায়। প্ৰথম কালী- পূজা ঋষি কৃষ্ণানন্দ আগমবাগীশে আৰম্ভ কৰিছিল। দুৰ্গা পূজাৰ সৈতে কালী- পূজা হৈছে বংগ আৰু অসমত আটাইতকৈ ডাঙৰ শাক্ত উৎসৱ। অশুভ‌ শক্তিৰ বিনাশৰ বাবে ১০ টা ৰূপত‌ মহা কালী আৱিৰ্ভাৱ হৈছিল।এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত।এই দশ মহাবিদ্যাৰ ভিতৰত শেষ -দেৱী হৈছে কমলাতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিনা কমলতমিকা জয়ন্তী হিচাপে দিপাৱলীৰ দিনা পালন কৰা হয়।পূব আৰু উত্তৰ -পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশালী । সেয়ে এই অঞ্চলত কমলতমিকাৰ মূল দেৱী মহাকালীৰ পূজা কৰা হয়। পিছলৈ এই দিনটো কালীপূজাৰ ৰূপ লাভ কৰে।