পেৰিছ ফেশ্বন উইক-২০২৩ ত সংযুক্তা দত্তৰ “চিকি-মিকি”

পেৰিছ ফেশ্বন উইক-২০২৩ ত সংযুক্তা দত্তৰ “চিকি-মিকি”

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমকন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ। ৩ মাৰ্চৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে।পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই। পেৰিচত ফেশ্বন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশীষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাকসমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি প্ৰকাশ কৰে। পেৰিচৰ ফেশ্বন শ্ব’টিত অংশগ্ৰহণৰ পিছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে – ‘‘কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত ৷ বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পী সকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো ৷ বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি ৷ ’’