পেট্ৰ’ল, ডিজেলৰ মূল্য ৭ দিনত ৬বাৰৰ বাবে বৃদ্ধি

pc Times Of India

পেট্ৰ’ল, ডিজেলৰ মূল্য ৭ দিনত ৬বাৰৰ বাবে বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭  দিনৰ ভিতৰত ৬ বাৰৰ বাবে বৃদ্ধি কৰা হৈছে। দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতিলিটাৰত ৩০ পইচা বৃদ্ধি হোৱাৰ পিছত প্ৰতিলিটাৰত ৯৯.৪১টকা, আনহাতে দিল্লীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯০.৪২  পৰা প্ৰতিলিটাৰত ৯০.৭৭টকালৈ বৃদ্ধি হৈছে। মুম্বাইত পেট্ৰ’লৰ ব্যয় প্ৰতিলিটাৰত ১১৩.৮৮টকাৰ পৰা প্ৰতিলিটাৰত ১১৪.১৯/টকালৈ বৃদ্ধি পাইছে, আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯৮.১৩টকাৰ পৰা প্ৰতিলিটাৰত ৯৮.৫০টকালৈ বৃদ্ধি কৰা হৈছে।