পূৰ্বৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাৰ সদিচ্ছা নাছিল বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

pc Hindustan Times

পূৰ্বৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাৰ সদিচ্ছা নাছিল বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় নিৰীক্ষণ আয়োগ আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ যুটীয়া অভিৱৰ্তন ভার্চুৱেলযোগে সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। গুজৰাটৰ কেৱাডিয়াত আয়োজিত চি বি আই আৰু চি ভি চিৰ যুটীয়া অভিৱৰ্তন প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেলযোগে সম্বোধন কৰি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি থকাটো স্পষ্ট কৰি দিয়ে। তেওঁ ইয়াৰ জৰিয়তে নিজৰ মন্তব্য আগবঢ়াই কয় যে সৰু কিম্বা ডাঙৰ দুৰ্নীতিয়ে কাৰোবাৰ কিম্বা আনৰ অধিকাৰ কাঢ়ি নিয়ে। ইয়ে দেশৰ সাধাৰণ জনতাক অধিকাৰৰ পৰা বঞ্চিত কৰে। দেশৰ বিকাশত বাধা প্ৰদান কৰে আৰু দেশৰ সংগৃহীত শক্তিৰ ওপৰত প্ৰভাৱ পেলায়। আজি দেশে এই কথা বিশ্বাস কৰিবলৈ লৈছে যে দেশক প্ৰৱঞ্চনা কৰা, দুখীয়াক লুণ্ঠন কৰাজন যিমানেই শক্তিশালী নহওক কিয়, তেওঁলোকক দেশৰ লগতে বিদেশত থাকিলেও ক্ষমা কৰি দিয়া নহয়। চৰকাৰে তেনে লোকক ৰেহাই নিদিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে বিগত ৬-৭ বছৰে কঠোৰ পৰিশ্ৰম কৰাৰ পাছত দেশৰ জনতাৰ মাজত এই কথাত বিশ্বাস জন্মিছে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা সম্ভৱ ৷ ইয়াৰ বাবেই চৰকাৰৰ বিভিন্ন আঁচনি মধ্যভোগী নোহোৱাকৈ জনগণে লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ চৰকাৰৰ আঁচনিৰ পৰা লাভান্বিত হৈছে। ইপিনে পূৰ্বৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাৰ বাবে সদিচ্ছা নথকা বুলি সমালোচনা কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে দেশৰ বিৰুদ্ধে অপৰাধ কৰাজন পৃথিৱীৰ কোনো প্রান্ততে নিৰাপদ আশ্রয় হিচাপে থাকিব নোৱাৰে।