খাচাত বন্দী চৰে – মঞ্জু মজুমদাৰ বৰ্মন

pc Live Science

খাচাত বন্দী চৰে

মঞ্জু মজুমদাৰ বৰ্মন

মাই তোক লেগি আজি
বৰকে মনত পইচ্ছি।
তই ভয় নাখবি
মোক মাৰা-ধৰা কৰা নাই,
ঘৰত থাকাতকে এতে ভালকে আছু।
তিনসন্ধ্যা পেট ভৰে খাবা পাইছু
ভাল কাপুৰ পিন্ধবা পাইছু
আকো বয়া পো নাই।
বইৰহাণ আইহলি ঘৰোত
টুপনি মাইৰবা পাৰা নাচিলু
এতে ঘৰৰ ভিতৰত থাইকলি
ৰ’দ কি বইৰহাণ কি গমে নাপাউ
অ মাই, তথাপিও দুখুন মোৰ মনটু
এতে থিত লাগাবা পাৰা নাই।
কামত কষ্ট ও পাৱা নাই,
কুকুৰ কেইটাক ভালকে
চাফ-চিকুণ কৰি ৰাইখবা লাগে
খাবাৰ সময়ত খাবা দিবা লাগে
হাগাবা ,মুতাবা নিয়া
সেখনি কিবা কাম হ’ল না?
অ মাই,গাউখানৰ কথা,লগৰ ছলিগেলাখানক লাগি
হমাৰে হমাৰে মনত পৰে এ।বেটু আৰু সৰুমাইক ইস্কুলত যাবা দিবি
মোৰো ইস্কুলত যাবা বৰ মন যায় অ,
এতে সুখত থাইকলিঅ কিবা
খাচাত বন্দী চৰে হান লাগে
অ মাই, ইবাৰ ধানখিনি বানে
নামেইল্লি মই ঘৰত যাম দেৱ
ঘিউ,মৌ খাই থাইকলি ও
খাচাত বন্ধ চৰে হান হৈ থাইকবা নৰু ও মাই।

(নলবাৰী অঞ্চলৰ থলুৱা ভাষাত লিখিবলৈ চেষ্টা কৰিছোঁ। ভুল হ’লে ক্ষমা বিচাৰিছোঁ।)