পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Pc Facebook

পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয়টো দিন। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।কামাখ্যা দৰ্শনৰ সময়ত ৰাষ্ট্ৰপতিক সংগ দিয়ে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে।আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কলাক্ষেত্ৰৰ পৰা ভাৰ্ছুৱেলী ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ উন্মোচন কৰিব। লগতে মুকলি কৰিব ‘মিছন সৌভাগ্য’।

ইয়াৰ উপৰি চাহ বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডাৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে।ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বহুকেইটা অংশ উন্মোচন কৰাৰ লগতে শিলচৰৰ মইনাৰবন্দৰ অইল ইণ্ডিয়া লিমিটেডৰ ৰে’ল–ফেড পেট্ৰ’লিয়াম ষ্ট’ৰেজ ডিপোৰ আধাৰশিলা স্থাপন কৰিব।ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব চাৰিলেনযুক্ত গহপুৰ–হোলেঙী পথ আৰু দুইলেনযুক্ত শিলচৰ–বদৰপুৰ পথ। ডিব্ৰুগড়–লিডু পথৰো আধাৰশিলা স্থাপন কৰিব দ্ৰৌপদী মুৰ্মুৱে। আগিয়াঠুৰী কাৰ্গো আৰু ক’চিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।