পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Pc The economic Times

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি বৃহস্পতিবাৰে পুৱা অহা এটা ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চল। পুৱা ১০.৩১ বজাত অহা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৭ । অকল অসমেই নহয় এই ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশতো জোকাৰণিৰ সৃষ্টি কৰে। এই ভুমিকম্পৰ কেন্দ্ৰস্থল অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে । এই ভূমিকম্পটোৰ জোকাৰণি উজনি অসমত বেছি অনুভৱ হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে ভূমিকম্পটোত এই পর্যন্ত দুয়োখন ৰাজ্যত কোনোধৰণৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই ।