পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন প্ৰধান শিক্ষক। মৰিগাঁৱৰ মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই। উৎকোচ লওঁতেই হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰকৰ দলে। ধৃত প্ৰধান শিক্ষকজনৰ নাম দিদাৰুল ইছলাম। ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।