পুটিনে এই যুদ্ধ বন্ধ কৰিব লাগিব, মই আশা কৰো যে ভাৰতে ৰাছিয়াক প্ৰভাৱিত কৰিব: ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী

pc the news Minute

 পুটিনে এই যুদ্ধ বন্ধ কৰিব লাগিব, মই আশা কৰো যে ভাৰতে ৰাছিয়াক প্ৰভাৱিত কৰিব: ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা–  ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেনে কয়, “মোৰ বাৰ্তা অতি স্পষ্ট- পুটিনে এই যুদ্ধ বন্ধ কৰিব লাগিব আৰু হত্যাৰ সমাপ্তি ঘটাব লাগিব। মই আশা কৰোঁ যে ভাৰতে এই আলোচনাত ৰাছিয়াকো প্ৰভাৱিত কৰিব।” ডেনমাৰ্কৰ প্ৰথম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক যুটীয়া সংবাদমেলত বিবৃতি জাৰি কৰাৰ সময়ত ফ্ৰেডৰিকছেনে এই কথা কৈছিল।