পি পি ই কিট কেলেংকাৰিৰ ন্যায়িক তদন্ত আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত আপৰ বিক্ষোভ

পি পি ই কিট কেলেংকাৰিৰ ন্যায়িক তদন্ত আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত আপৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহৎ পিপিই কিট কেলেংকাৰিৰ উচিত তদন্ত আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত আম আদমি পাৰ্টীয়ে মহানগৰীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ আপৰ পাঁচ শতাধিক সদস্যই ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, পিপিই কিট কেলেংকাৰিৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। দলটোৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প’ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে।ইতিমধ্যে পুৱাৰ পৰা সস্তম হৈ থকা আৰক্ষী বাহিনীয়ে গণেশগুৰিৰ উৰণ সেঁতুৰ দুয়োমূৰে লোহাৰ বেৰিকেট দি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে৷তাৰ পাছতে দলটোৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰীয়ে দিছপুৰৰ এচিপি হিমাংশু দাসৰ জৰিয়তে ৰাজ্যপাললৈ ন্যায়িক তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷আপৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰীয়ে অভিযোগ উত্থাপন কৰি কয়- হিমন্ত বিশ্ব শৰ্মা যেতিয়া ২০২০ চনত অসমৰ স্বাস্থ্যমন্ত্রী আছিল, তেতিয়া তেওঁৰ পত্নীৰ কোম্পানী জে চি বি ইণ্ডাট্রিজ আৰু তেওঁৰ পৰিয়ালৰ সহযোগী কোম্পানী ‘মেডিটাইম হেলথ্ কেয়াৰে এটাত ৯৯০ টকাকৈ পিপিই কিট্‌ যোগানৰ ঠিকা লাভ কৰিছিল। চৰকাৰে কিটসমূহ এটাত ৬০০ টকা দৰত কিনাৰ অৱকাশ থকাৰ পাছতো এনে কৰা হৈছিল। এই ঘটনাৰ চিবিআই তদন্ত বিচাৰিছে দলটোৱে। হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকা চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্লেক লিষ্টেড কৰা ৰাজীৱ বৰাৰ মালিকাধীন এজাইল এছ’ছিয়েশ্বনক হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ১০ এপ্ৰিলত পিপিই কিট্‌ যোগানৰ অনুমোদন দিছিল ২,২০৫ টকাকৈ। আপে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ লগতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধনুকাৰ কোম্পানীৰ বিৰুদ্ধেও তদন্ত কৰি সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে। এই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত মুখ্যমন্ত্ৰীয়ে পিপিই কিট সমূহ তেওঁৰ পত্নীয়ে দান দিয়া বুলি কয়৷কিন্তু দান দিয়া সামগ্ৰীৰ ’ৱৰ্ক অৰ্ডাৰ’ থাকে বুলি প্ৰশ্ন কৰে ডা° চৌধুৰীয়ে৷এগৰাকী জনপ্ৰতিনিধি হৈ মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰিত জড়িত থাকি ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে৷এই কেলেংকাৰিত তেওঁৰ পত্নী,পুত্ৰ নন্দিল বিশ্ব শৰ্মা,এজাইল এছ’চিয়েশ্বন স্বত্বাধিকাৰী ৰাজীৱ বৰা,জিআৰডি ফাৰ্মাচিউটিকেলছৰ স্বত্বাধিকাৰী ঘনশ্যাম ধনুকা প্ৰত্যক্ষভাৱে জড়িত হৈ ৰাজহুৱা ধন আত্মসাত কৰিছে৷অকল পিপিই কিটেই নহয়,ক’ভিডৰ সময়ছোৱাত ছেনিটাইজাৰ যোগানৰ নামতো ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছিল৷সেই সময়ছোৱাত ৩৭ কোটি ছেনিটাইজাৰ ২৩১ টকাত যোগান ধৰিবলৈ ঘনশ্যাম ধনুকাৰ প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল৷সেয়ে আজি প্ৰতিবাদৰ জৰিয়তে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছোঁ৷উল্লেখ্য,আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ শিশোদিয়ায়ো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে উক্ত কেলেংকাৰিৰ তদন্ত দাবী তুলিছে৷