পিতাইৰ সেউজী সপোন-অনিল চন্দ্ৰ বনিয়া

Pc Rising Kashmir

পিতাইৰ সেউজী সপোন

সপোনবুলীয়া বাট এটাৰ নাম মোৰ পিতাই
ঔফুলীয়া হোৱাৰে পৰা দেখিছোঁ
কত শ্ৰম আৰু কষ্টৰ পৰিনাম হেনো
হাঁহিৰ হাজাৰ বাস্তৱ ।
নিৰক্ষৰ হলেও যাৰ অদম্য কৰ্মোদ্যম তেওঁৱে মোৰ পিতাই
মোৰ সাহস আৰু ছাঁ-টোৰ দৰেই ৰক্ষক ।
শাওনৰ পথাৰত ৰঙা-বগা বলধীৰে তল মাটি ওপৰ কৰি
সেউজ শস্যৰ সোণালী আঘোণৰ নাম মোৰ পিতাই ।
দুখ আৰু ভাগৰ নেওচি দুবেলা দুমুঠি
বছৰ জুৰাই অন্ন দিয়াৰ নাম মোৰ পিতাই
আঙুলীত ধৰি সৰুৰে পৰা প্ৰতিটো খোজ
শিকাই বহু ত্যাগ আৰু সহিষ্ণুতাৰে
মোক শিক্ষিত কৰা জনৰ নাম মোৰ পিতাই ।
মনৰ দাপোনত বৰ মানুহ হৈ নিজৰ লগতে জগত জিনি
আত্ম প্ৰতিষ্ঠা কৰাৰ আশাকণৰ নাম মোৰ পিতাই ।
নিজে কৰা কষ্ট আৰু শ্ৰমেৰে
বাৰীৰ কাষে ঢাপে
নানা ফল আৰু পাচলীৰে
বাৰীখন ভৰাই তুলি
খোৱাৰ উপযোগী কৰি তোলা
সেউজী ছবিখনৰ নাম মোৰ পিতাই ,
সেই সেউজী সপোনবোৰৰ বাস্তৱৰ
ৰঙীণ হাঁহিবোৰৰ নাম মোৰ পিতাই ।

অনিল চন্দ্ৰ বনিয়া, শ্বিলং, মেঘালয়