পিতনি, হাবি সদৃশ পৰিৱেশৰ মাজত চলিছে গুৱাহাটিৰ ঐতিহ্যমণ্ডিত চৰকাৰী স্কুল

Pc- Dainik Agradoot

পিতনি, হাবি সদৃশ পৰিৱেশৰ মাজত চলিছে গুৱাহাটিৰ ঐতিহ্যমণ্ডিত চৰকাৰী স্কুল

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰৰ অসম বিধান সভাৰ গাতে লাগি থকা গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,১৮৮৩ চনতে স্থাপিত পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৯৩৬ চনত স্থাপিত পল্টন বজাৰৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি স্তম্ভিত হৈ পৰে বিৰোধী দলৰ নেতৃত্ব। স্কুল চৌহদতে পিতনি  , ঘাঁহ-জংঘলে অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে।স্কুল বিল্ডিঙৰ জৰাজীৰ্ণ অৱস্থা, ভগা-ছিগা বেঞ্চ,ডেস্ক আদিয়ে শৈক্ষিক পৰিৱেশ অৱনমিত কৰি পেলাইছে।শিক্ষাৰ বাবে পৰ্যাপ্ত ধন আবণ্টন কৰা বুলি চৰকাৰী পক্ষই অহৰহ ঢাক-ঢোল বজাই আছে যদিও স্কুলবোৰত প্ৰয়োজনীয় আন্তঃ গাঁথনিৰ অত্যন্ত অভাৱ প্ৰত্যক্ষ কৰা হ’ল।শিক্ষানুষ্ঠানৰ  বছৰেকীয়া অনুমোদন হিচাপে যিধন দিয়া হয় তাৰ দ্বাৰা বিদ্যুৎ বিল আদায় দিয়া বা চৌহদৰ ঘাঁহ-বন পৰিষ্কাৰ কৰাটোৱে সম্ভৱ নহয়।সামগ্ৰিকভাৱে চৰকাৰী বিদ্যালয়ৰ কি সমস্যাজৰ্জৰ অৱস্থা সেয়া নিজ চকুৰে নাচালে অনুভৱ কৰিব নোৱাৰি।ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দল,অসমৰ সভাপতি অজিত কুমাৰ ভূঞা, কংগ্ৰেছ দলৰ মনজিৎ মহন্ত আৰু কুশল শৰ্মা , চি পি আই (এম)ৰ সুপ্ৰকাশ তালুকদাৰ আৰু ইচফাকুৰ ৰহমান, চি পি আইৰ বিপুল তালুকদাৰ, চি পি আই (এম-এল)ৰ নৰেন বৰা আৰু পংকজ কুমাৰ দাস, ৰাইজৰ দলৰ ৰাচেল হুচেইন আৰু লক্ষ্যজিৎ গগৈ, অসম জাতীয় পৰিষদৰ অমৃত খাটনিয়াৰ, এন চি পিৰ পৰেশ বৰুৱা, আৰ জে ডিৰ কামাখ্যা পাণ্ডেক লৈ গঠিত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে আজি তৃতীয় দিনাও চৰকাৰী স্কুলসমূহলৈ পৰিস্থিতিৰ বুজ লয়।তেওঁলোকে দুখেৰে লক্ষ্য কৰে যে বেংগলী স্কুলত চকীদাৰ,পিয়ন আদিৰ দৰমহাৰ  বাবদ শিক্ষক সকলেই সমূহীয়াকৈ ধন খৰচ কৰিবলগীয়া হৈছে।বিজ্ঞানাগাৰৰ ৰি -এজেণ্ট আদিও  স্কুলবোৰত শিক্ষকসকলে নিজে ক্ৰয় কৰিবলগীয়া হৈছে।দীৰ্ঘদিন ধৰি শিক্ষক, কৰ্মচাৰীৰ পদ খালী হৈ পৰি আছে, যাৰ বাবে দৈনন্দিন শিক্ষা আৰু যাৱতীয় কাম-কাজ বেয়াকৈ বিঘ্নিত হৈছে। বিৰোধী দলসমূহে শিক্ষা ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতা আৰু দায়িত্বহীনতাক একমুখে ধিক্কাৰ দিয়ে আৰু শিক্ষাক্ষেত্ৰৰ সমস্যা সমাধানৰ দাবীত অচিৰেই কাৰ্যসূচী গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে।