পিএফআই নেতা আমিনুল হকক গ্ৰেপ্তাৰ

Pc Hindustan Times

পিএফআই নেতা আমিনুল হকক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পিএফআই নেতা আমিনুল হকক হাতীগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, হাতীগাঁৱৰ পিএফআই ৰ কাৰ্যালয়ত NIA, ED আৰু আৰক্ষীৰ যৌথ অভিযানত পিএফআই নেতাজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰোপৰি, কামৰূপৰ নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ হয় আন চাৰিজন পিএফআই নেতা। পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া( পিএফআই)ৰ বিৰুদ্ধে দেশজোৰা অভিযান অব্যাহত আছে।অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্য দিল্লী, মহাৰাষ্ট, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰালা, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ আদিত নিয়া, ইডি আৰু আৰক্ষীয়ে পিএফআই ৰ কাৰ্যালয় আৰু নেতাৰ ঘৰত অভিযান অব্যাহত ৰাখিছে। ইয়াৰোপৰি বিহাৰ, কৰ্ণাটক, তেলেংগানাত প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা লোকৰ বিৰুদ্ধেও জোৰদাৰ অভিযান চলিছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈকে এই অভিযানৰ শেষত সমগ্ৰ দেশতেই ১০০ৰো অধিক পিএফআই ৰ নেতা–সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰে কেৰালাত ২২জন, মহাৰাষ্ট্ৰত ২০ জন, কৰণাটকত ২০ জন, তামিলনাডুত ১১ জন, অসমত ৯ জন, উত্তৰ প্ৰদেশত ৮ জন, অন্ধ্ৰপ্ৰদেশত ৫ জন, মধ্যপ্ৰদেশত ৪ জন, দিল্লীত ৪ জন, ৰাজস্থানত ২ জন আৰু পুডুচেৰীত ২ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সন্ত্ৰাসবাদী সংগঠনক ধন যোগান আৰু সমৰ্থন তথা নিষিদ্ধ সংগঠনত যোগদানৰ উচতনি দিয়া বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাইছে।মঙলবাৰে ৪ জন পিএফআই সদস্যক UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। এই দিনটোত আৰক্ষীয়ে মুঠ ৪০টা স্থানত অভিযান চলাইছিল। পিএফআই হৈছে চৰমপন্থী ইছলামিক সংগঠন যি ২০০৬ চনত গঠন হৈছিল। এই সংগঠনটোৱে CAA বিৰোধী আন্দোলনতো ফাণ্ডিং কৰাৰ লগতে NRCক লৈ নিষিদ্ধ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ কৰিছে আৰক্ষীয়ে। ইয়াৰোপৰিও, ইউনিফৰ্ম চিভিল কডক লৈ দেশ বিৰোধী কাৰ্যত জড়িত থকাৰো অভিযোগ পিএফআই ৰ নেতাৰ ওপৰত। ভাৰতৰ বাহিৰৰ বহু দেশ যেনে UAE, কাটাৰ, কুৱেইট, বাহৰেণ, চৌদী আৰৱত পিএফআই ৰ শাখা আছে। পুঁজি সংগ্ৰহৰ বাবে বিদেশত থকা এই শাখাসমূহৰ জৰিয়তে পিএফআই য়ে বিদেশী পুঁজি ভাৰতলৈ আনে। চীনৰ সৈতেও পিএফআই ৰ অশুভ সম্পৰ্ক থকাৰ অভিযোগ আছে।