পাহৰনিৰ গৰ্ভত ৰেডিঅʼ- হিমাদ্ৰী বৰকটকী

Pc News Deal

” পাহৰনিৰ গৰ্ভত ৰেডিঅʼ “

সময় পৰিবৰ্তনশীল । সময়ৰ লগে লগে বহুতো বস্তু আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। তাৰে এটা উদাহৰণ হ’ল ৰেডিঅ’। আমাৰ দিনত ৰেডিঅ’ টোৱেই আছিল মনোৰঞ্জনৰ মাধ্যম । আমি বাতৰি , গান , নাটক , গল্প এই সকলোবোৰ অনুষ্ঠান এই ৰেডিঅ’ৰ যোগেদিয়েই শুনিছিলোঁ । দেওঁবাৰে আশাঁৰে ভাত পানী খাই ৰৈ থাকো নাটক কিখন শুনিবলৈ। আইদেউৰ বুলনি ৰেডিঅ’ৰ বৰ ভাল লগা অনুস্থান । চিত্ৰগীত অনুস্থানতোত হিন্দী চিনেমাৰ গান শুনিবলৈ পোৱা যায়। ৰাতিপুৱাৰ বৰগীত , ভজন শুনি বৰ ভাল লাগিছিল। পূৱাৰ বাতৰিৰ লাগে লগে স্কুললৈ ওলাইছিলোঁ ঘড়ী নোচোৱাকৈৱেই । নিয়োগ বাতৰি শুনিবলৈ বহুতো শিক্ষিত ল’ৰা ছোৱালী ৰৈ থাকে । নিয়োগ বাতৰিৰ পৰা বহুতো ল’ৰা ছোৱালী উপকৃত হৈছিল সেই দিনত। কন কন ল’ৰা ছোৱালীৰ সাধুকথাৰ অনুষ্ঠানটো শুনি বৰ ভাল লাগিছিল । সচাঁই ৰেডিঅ’ই আমাক বৰ আমোদ দিছিল সেই দিনত। লাহে লাহে TV , computer , Laptop , mobile অহাৰ লগে লগে ৰেডিঅ’ৰ জনপ্ৰিয়তা কমি আহিবলৈ ধৰিলে। তাৰ ফলত ৰেডিঅ’ৰ প্ৰচলন ও কমি আহিব ধৰিলে । আগতে ঘৰে ঘৰে ৰেডিঅ’ৰ প্ৰচলন আছিল । বৰ্তমান আমাৰ ঘৰত কম পৰিমাণে হ’লেও ৰেডিঅ’ৰ প্ৰচলন আছে। পূৱাৰ বাতৰিটো ৰেডিঅ’টোত শুনো। কিন্তু আজিকালি কিছু সংখ্যক মানুহৰ ঘৰতহে ৰেডিঅ’ৰ প্ৰচলন আছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমিবোৰ ও সলনি হʼবলৈ ধৰিলোঁ আৰু লগতে ৰেডিঅ’ৰ ও জনপ্ৰিয়তা কমি আহিব ধৰিলে। কিন্তু ইংৰাজীত এষাৰ কথা আছে “Old Is Gold ” গতিকে আমি কেতিয়াওঁ পুৰনিটোক পাহৰিব নালাগে।

হিমাদ্ৰী বৰকটকী
নগাঁও