পানবজাৰত আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস

পানবজাৰত আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- এ আই টি ইউ চি মুখ্য কাৰ্য্যালয় আভিৰাম বৰুৱা ভৱনত ১ মেত মে’ দিৱস পালন কৰে৷দিৱসত ফণীধৰ দাস কামৰূপ মেট্ৰো এ আই টি ইউ চিৰ সম্পাদক, অসম ৰাজ্যিক মহিলা সংঘৰ সভানেত্ৰী ড° অসমী গগৈ সহ প্ৰায় ১৫ জন কৰ্মকৰ্তাৰ উপস্থিতিত হৰিজন মজদুৰ ইউনিয়ন তথা প্ৰাক্তন জ্যেষ্ঠ কৰ্মী দে কৃষ্ণই দলীয় পতাকা উত্তোলন কৰে। উত্তোলনৰ অন্তত পুনৰ মেঘদূত ভৱনত সংগঠন কেইটাৰ যৌথ সহযোগত – চিতু, এ আই টি ইউ চি, টি ইউ চি চি, এইচ এম এছ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, আৰু কৰ্মচাৰী ফেডাৰেচনে গুৱাহাটীৰ পান বজাৰস্থিত মেঘদূত ভৱনৰ সন্মুখত মে দিৱস উপলক্ষে প্ৰথমে ১০:৫০ বজাত সংগঠনৰ দলীয় পতাকা উত্তোলন কৰে কমৰেড ৰবীন গোস্বামীয়ে। লগতে শ্বহীদ বেদিত শ্বহীদ তৰ্পণ কৰে খৰ্গেশ্বৰ বৰাই। ইয়াৰ মাজতে আটাইকেইটা সংগঠনে মিলিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।বিভিন্ন বক্তাই বিজেপি চৰকাৰৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰে। তেওঁলোকে আৰু কয় যে যদি এই বিজেপি চৰকাৰক উৎখাত কৰিব নোৱাৰে তেতিয়াহে আগন্তুক বৰ্ষ বোৰত দেশত মে দিৱস পালন কৰিব পাৰিব নে নোৱাৰে তেওঁলোকৰ সন্দেহ হয়। আটাইবোৰ বক্তাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।আৰু এই যৌথ সংগঠন বোৰে মীৰা বৰঠাকুৰক পূৰ্ণ সমৰ্থন আগবঢ়ায়। শেষ মূহুৰ্তত ৫ নং লোক সভা সমষ্টি গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে সকলোৰে উপস্থিতিত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আৰু সকলোৱে সন্মিলিতভাৱে তেওঁৰ বিজয় নিশ্চিত কৰাৰ বাবে আহ্বান জনায়।উল্লেখ থাকে যে এই সন্মিলিত সংগঠন বোৰে প্ৰতিবাদ কৰি প্ৰায় ১০ মিটাৰ মান কমিছনাৰৰ কাৰ্য্যালয়ৰ দিশে আগবাঢ়ি আহিব বিচাৰিছিল যদিও কৰ্তব্যৰত আৰক্ষীৰ লোকৰ বাধাত তেওঁলোকে মেঘদূত ভৱনৰ সন্মুখতে কাৰ্য্যসূচী সমাপ্ত কৰে। উক্ত কাৰ্যসূচীত এ আই টি ইউ চিৰ মুনিন মহন্ত, ফণীধৰ দাস,চিতুৰ দ্বিজেন দাস,গৰ্গ তালুকদাৰ, বিজ্ন দাস আৰু ভোলা শৰ্মা, চি পি আই এম এলৰ পংকজ দাস, এইচ এম এছৰ কনক বৰ্মণ, লক্ষেশ্বৰ বৰা, টি ইউ চি চিৰ গজেন তালুকদাৰ,আসাম ট্ৰিবিউনৰ সুদীপ্ত চৰকাৰ সহ প্ৰায় ১৫০ জন মান লোক উপস্থিত আছিল।