পাকিস্তানৰ জনপ্ৰিয় গজল গায়িকা নায়ৰা নুৰৰ দেহাৱসান

Pc The Economic Times

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ কিংবদন্তি তথা জনপ্ৰিয় কণ্ঠশিল্পী নায়ৰানুৰৰ দেহাৱসান । পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি  গায়িকাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত কৰাচীত থকা নিজ বাসগৃহতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। গজল গায়িকা হিচাপে জনাজাত আছিল নায়ৰা নুৰ । তেওঁৰ সুৰীয়া কণ্ঠৰ বাবেই তেওঁক পাকিস্তানৰ ‘বুলবুল’ বুলি কোৱা হয়। ১৯৫০ চনৰ ৩ নৱেম্বৰত অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল নায়ৰা নুৰে। বেগম আখতাৰৰ গজল আৰু কানন দেৱীৰ ভজন শুনি ডাঙৰ হৈছিল নাইৰা । তেখেতৰ ভতিজা ৰাজা জেইদিয়ে টুইটাৰ জৰিয়তে এই খবৰটো ৰাজহুৱা কৰে। ৰাজা জেইদিয়ে লিখে যে, ‘মই অত্যধিক দুখ মনেৰে নিজৰ মৰমৰ খুড়ী নায়ৰা নুৰৰ বিয়োগৰ কথা ঘোষণা কৰিছো।’