পশুচিকিৎসালয় সমূহত ঔষধ পাতি আৰু চিকিৎসক নিয়োগ কৰাৰ দাবী

pc 123RF

পশুচিকিৎসালয় সমূহত ঔষধ পাতি আৰু চিকিৎসক নিয়োগ কৰাৰ দাবী

নিখিল ৰঞ্জন গোস্বামী,কপাহেৰা,মৰিগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ অন্তৰ্গত অসম চৰকাৰৰ পশুপালন বিভাগৰ বাৰপূজিয়া আৰু কপাহেৰাত যি দুখন পশু চিকিৎসালয়ৰ উপকেন্দ্ৰ আছে,তাত পশুধনৰ গৰাকীয়ে গৰু-ছাগলীবোৰৰ বেমাৰ আজাৰ হ’লে চিকিৎসা আৰু প্ৰয়োজনীয় ঔষধ পাতি সময়মতে নাপায়।বহু আশাৰে বহু কষ্ট কৰি খঙে বেজাৰে উভতাই নিব লগা হয়।চৰকাৰৰ পশুপালন বিভাগতোৱে সঁচাকৈয়ে অসমৰ দুখীয়া আৰু আগ্ৰহী পশুপালকসকলক অতীজৰে পৰা চৰম প্ৰতাৰণা কৰি আহিছে।পশুপালন বিভাগৰ এনেধৰণৰ অৱহেলাৰ কাৰণেই এতিয়া বহু আদৰ্শ তথা আগ্ৰহী পশুপালকে গৰু-ছাগলী পুহি জীৱন নিৰ্বাহ কৰিব পৰাৰ কথা পাহৰি পেলাবলৈ সাজু হৈছে।উল্লেখযোগ্য যে বৰ্তমানে গৰু-ছাগলীবোৰৰ সঘনাই পেলুজনিত ৰোগ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হয় আৰু তৎকালীনভাবে উপযুক্ত চিকিৎসা নাপালেই মৃত্যুৰ মুখত পৰে।পশুপালকসকলৰ মতে আজিকালি এই বেমাৰবোৰত ঘৰুৱা চিকিৎসাই মুঠেই কান নিদিয়ে।সেইবাবে কষ্ট কৰি চিকিৎসালয়লৈ নিয়ে যদিও তাত বিনামূলীয়া দুই এটাহে পায়,বহু সময়ত হেনো তাকো নেপায় সকলো কিনিব লগা হয়।ঔষধৰ দামো অত্যাধিক গতিকে নিৰুপায়।এনেবোৰ দুখৰ বৰ্ণনা কৃষকে তথা পশুধনৰ গৰাকীয়ে দিয়াৰ পিছত বিয়াগোম বিভাগতোৰ আৰু বিভাগীয় মন্ত্ৰী সকলৰ কিবা মূল্য থাকিল নে ?আছে গৰু নাবাই হাল এই অৰ্থ নহ’লনে?মন কৰিবলগীয়া যে কপাহেৰাত থকা পশুচিকিৎসালয় খনৰ অৱস্থাই নাই।এইখন চিকিৎসালয় অগপ চৰকাৰৰ দিনৰে।গতিকে ৰাইজ তথা সচেতন মহলে পশুপালন মন্ত্ৰী তথা কৰ্তৃপক্ষক তৎকালীনভাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।