পথাৰ
গ্ৰাম্য জীৱনৰ কৃষ্টিৰ আধাৰ তই।
কৃষকৰ আত্মা, কৃষকৰ কলিজা তই।
গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰীৰ খোজত
শাওনত তই হৈ উঠ উৰ্বৰা।
সোণবৰণীয়া চাদৰ পিন্ধা পথাৰ তই
আঘোণত সোণগুটি হৈ ভঁৰাল শুৱনি কৰ।
কৰ্ম সংস্কৃতিৰ থলী পথাৰ….
তোৰ আজি অস্তিত্বই নাইকীয়া হ’ল।
সময়ৰ সোঁতত ন-ভূঁই খাবলৈ দৌৰি অহা
তাহানিৰ দদাই-খুড়ীহঁতৰ স্থান ল’লে
জাক জাক ভাৰাতীয়া বনুৱাই।
যন্ত্ৰচালিত বাহনৰ কোবত
নাঙল যুঁৱলিৰ সৈতে চিকুণ বলধহাল
কহানিবাই হেৰাই গ’ল।
ময়ূৰাক্ষী গগৈ