পত্নীয়ে অত্যাধিক ৰূপত পতিক শাসন কৰাটো অনুচিত – চন্দ্ৰ শেখৰ পৰাজুলী

পত্নীয়ে অত্যাধিক ৰূপত পতিক শাসন কৰাটো অনুচিত

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

সৃষ্টিৰ আৰম্ভণিৰে পৰা আমাৰ ভাৰতবৰ্ষ হ’ল পতি পৰায়ণ বা পুৰুষ প্ৰধান দেশ। কিছুমান কথা হয়তো শুনিবলৈ বৰ বেয়া লাগে তথাপিও স্পষ্ট আকাৰত প্ৰতিটো সত্য কথাবোৰ উজাগৰ কৰি দিয়াটো সকলো পক্ষৰ মানুহৰ বাবে বহুত ভাল নহয়নে ? চাওঁক আমাৰ হিন্দু শাস্ত্ৰত উল্লেখ কৰা মতে, এগৰাকী পত্নীক এজন পতিৰ অৰ্ধাঙ্গিনী স্বৰূপে ধৰি লোৱা হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে পত্নীয়ে হ’ল পৰিয়াল এখনৰ সৰ্বেসৰ্বা। অৰ্থাৎ মই ইয়াতে এইটোৱে উল্লেখ কৰিব বিচৰা নাই যে পত্নীয়ে সদায় এজন পতি বা পুৰুষৰ তলতীয়া হৈ ঘৰ-সংসাৰখন আগুৱাই লৈ যাব লাগিব বুলি। তথাপিও মই প্ৰথমতে উত্থাপন কৰিছোঁ যে, আমাৰ দেশ এখন পুৰুষ প্ৰধান দেশ বা সমাজ সেই গতিকে পত্নীয়ে অত্যাধিক ৰূপত পতিক শাসন কৰাটো অনুচিত । পৰাপক্ষত ভালদৰে যদি নিজৰ ঘৰ-সংসাৰখন আগুৱাই লৈ যাবলৈ হ’লে প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে নিজ নিজ স্বামী বা পুৰুষ সকলক সদায় নিজতকৈ এখোজ আগত ৰখাটো উচিত বুলি মই ভাবো। প্ৰকৃততে বৰ্তমান সময়ত প্ৰতিগৰাকী নাৰীয়ে,পুৰুষ এজনতকৈ কোনো গুণে কম সাহসী, বুদ্ধিয়ক বুলি ধৰি ল’ব নোৱাৰি। তথাপিও সচাঁ অৰ্থত কবলৈ গলে বৰ্তমান সময়তো পুৰুষ আৰু নাৰীৰ মাজত বহুতখিনি বিষয়তে অন্তৰ দেখিবলৈ পোৱা যায়।আগন্তুক সময়ত উদ্ভাৱন হ’বলৈ যোৱা এক জটিল পৰিস্থিতিত বাবে পত্নীয়ে অত্যাধিক ৰূপত পতিক শাসন কৰাটো অনুচিত বুলি মই কবলৈ বাধ্য হৈ পৰিছো। কাৰণ সৃষ্টি কৰ্তাৰ জৰিয়তে পত্নীক অৰ্ধাঙ্গিনী মৰ্যদা প্ৰদান কৰাৰ উপৰিও পুৰুষ সকলৰ ভিন্ন ধৰণৰ এক সুকীয়া অস্তিত্ব এতিয়াও অক্ষুন্ন হৈ আছে। আৰু যদি পুৰুষৰ স্বাভিমানৰ ওপৰত  নাৰীয়ে যদি শাসন বা দমন কৰিবলৈ আগবাঢ়ি যায় তেন্তে সেই দেশ, সেই সমাজ আৰু সেই ঘৰখনৰ ওপৰত অত্যাধিক ৰূপত বিপদ নামি অহাটো একেবাৰে নিশ্চিত। অবশ্য পৰাপক্ষত সমান্তৰাল ৰূপত পতি পত্নীয়ে সংসাৰখন আগুৱাই লৈ যোৱা উচিত। সমান্তৰাল ৰূপত গতি কৰিলে কোনেও কাকোকে শাসন কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। কিন্তু পৰাপক্ষত সকলো লোকৰ হিত চিন্তা কৰি এই কথা আকৌ এবাৰ উল্লেখ কৰিবলৈ বাধ্য হৈছোঁ প্ৰতিগৰাকী স্ত্ৰীয়ে নিজ নিজ স্বামীক নিজতকৈ এখোজ আগত সদায় স্থান দিয়াটো উচিত। মই জানো মোৰ এই লিখনিৰ জৰিয়তে মই বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ’ব লগিয়া হ’ব পাৰে। কিন্তু যিমানেই তৰ্ক বিতৰ্ক কৰিলেও আমি প্ৰকৃত সত্য কথাবোৰৰ পৰা কেতিয়াও ফালৰি কাটি ওলাই আহিব নোৱাৰোঁ।