পঞ্চদশ বিত্ত আয়োগৰ নিৰ্দিষ্ট পুঁজিৰ দ্বাৰা গ্ৰামাঞ্চলৰ খোৱাপানী আৰু অনাময় আঁচনিৰ কাৰ্য্যবিধি আৰু প্ৰতিপালনৰ ওপৰত এদিনীয়া কর্মশালা

p.c eastmojo

পঞ্চদশ বিত্ত আয়োগৰ নিৰ্দিষ্ট পুঁজিৰ দ্বাৰা গ্ৰামাঞ্চলৰ খোৱাপানী আৰু অনাময় আঁচনিৰ কাৰ্য্যবিধি আৰু প্ৰতিপালনৰ ওপৰত এদিনীয়া কর্মশালা

গুৱাহাটী: পঞ্চদশ বিত্ত আয়োগৰ নিৰ্দিষ্ট পুঁজিৰ দ্বাৰা গ্রামাঞ্চলৰ খোৱাপানী আৰু অনাময় আঁচনিৰ কাৰ্য্যবিধি আৰু প্ৰতিপালনৰ ওপৰত এদিনীয়া কৰ্মশালা ২২ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনৰ শ্ৰীমন্ত মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত জল জীৱন মিছন জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসমৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। এই কর্মশালাখনি শুভ উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব বিশ্বদ্বীপ দাস ডাঙৰীয়াই। কর্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দ্দিন আব্বাদী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে.বি এক্কা, আয়ুক্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিক্ৰম কৈৰী আৰু জন জীৱন মিছন, অসমৰ মিছন সঞ্চালক আকাশদ্বীপ ডাঙৰীয়া উপস্থিত থাকে।

এই কর্মশালাত পঞ্চদশ বিত্তীয় আয়োগৰ নিৰ্দিষ্ট পুঁজিৰ দ্বাৰা গ্রামাঞ্চলত খোরাৱা পানী যোগান আৰু অনাময়ৰ সঠিক ব্যৱস্থাৰ গঢ়ি তোলা ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যৌথ উদ্যোগৰ গুৰুত্ব ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

কর্মশালাখনিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী যোগান আঁচনি সমূহৰ কাৰ্য্যবিধি আৰু প্রতিপালনৰ কাৰিকৰী দিশ সমূহৰ ওপৰত বিভং ভাৱে আলোচনা কৰা হয়। ইয়াৰ ওপৰিও এই কর্মশালাত পঞ্চদশ বিত্তীয় আয়োগৰ নির্দিষ্ট পুঁজি খোৱাপানী যোগান আৰু অনাময়ৰ ক্ষেত্ৰত সঠিক ব্যৱহাৰ ওপৰতো বিতংভাবে আলোচনা কৰা হয়।

কর্মশালাখনিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ থোৱাপানী যোগান আঁচনি সমূহৰ কাৰ্য্যবিধি আৰু প্রতিপালনৰ কাৰিকৰী দিশ সমূহৰ ওপৰত বিভং ভাৱে আলোচনা কৰা হয়। ইয়াৰ ওপৰিও এই কর্মশালাত পঞ্চদশ বিত্তীয় আয়োগৰ নিৰ্দিষ্ট পুঁজি খোৱাপানী যোগান আৰু অনাময়ৰ ক্ষেত্ৰত সঠিক ব্যৱহাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়।

এই কর্মশালাথনিত অসমৰ প্ৰতিখন জিলাৰ জিলা প্ৰশাসনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আৰু ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানৰ ২০০ৰো অধিক বিষয়াই অংশগ্রহন কৰে। এই কর্মশালাখনিয়ে বর্তমান সময়ত চৰকাৰে গ্ৰামাঞ্চলত খোৱাপানী যোগান আৰু অনাময়ৰ বাবে গ্ৰহন কৰা বিভিন্ন আঁচনি সমূহৰ সঠিক ৰূপায়নৰ বাবে প্রয়োজনীয় স্থানীয় গাওঁবাসী সহযোগিতাক উৎসাহিত কৰি গ্রামাঞ্চলত জনস্বাস্থ্যৰ এক সুস্থ সবল পৰিৱেশ গঢ় দিয়াত সহায়ক হব বুলি উদ্যোক্তা সকলে আশা কৰিছে।