“পংগু”
◆হিৰোচিমা বৰা পাঠক।
জু- ৰোড, জোনালী
স্বপ্নৰ ৰাজ্যত মই উৰন্ত পক্ষী,
নিদ্ৰাৰ আবেষ্টনীত মোৰ অবাধ বিচৰণ।
কেতিয়াবা যদি সেউজীয়া বননিত,
কেতিয়াবা পাহাৰৰ উচ্চতালৈ
আৰম্ভ হয় মোৰ ট্ৰেকিং।
নদীৰ মোহনাতো যে মোৰ অবিৰত যাত্ৰা,
অকালন্ত পথিক মই, দুৰন্ত যুঁজাৰু।
মোৰ কল্পনাৰ পৃথিৱীত ময়েই ৰাজকুমাৰ,
পৃথিৱী জয় কৰিব পৰাকৈ সাহসী।
উস… কিমান যে মনোৰম
মোৰ জীৱন শৈলী….!
মাথোঁ কঠোৰ বাস্তৱৰ নিৰ্মোহ স্বীকাৰোক্তিত
হাৰি যাওঁ মই,
দিঠকৰ দাপোনত চাওঁ মোৰ বন্দিত্ব,
মই হেনো পংগু….!
ঈশ্বৰৰ সৃষ্টিৰ এটি ক্ৰুটিময় অবয়ব।।
পাখি ভঙা বিহঙ্গই জানো পাৰে
কাহানিও চুব আকাৰৰ উচ্চতা?
জীৱনৰো যে কি খেল..!
মৰমী মাৰ হা-হুমুনিয়াহ বোৰে
ফালি চিৰাচিৰ কৰা মোৰ অভ্যন্তৰত
কেঁচা তেজৰ তুমৰলী।
আপোনাৰো যে কিমান কৌতুহল
মোক লৈ..!
সহানুভূতিৰো নাই অন্ত।
চিৰযুগমীয়া মোৰ এই বন্দীত্ব,
বিষণ্ণ সময়ৰ দস্তাবেজ।
তথাপিও কেনভাচত বুলাই যাওঁ
মোৰ জীৱনৰ বৰণীয়া ছবি।
অভিযোগৰ কোনো অৱকাশ নাই,
অভিমানো নকৰোঁ কাহানিও..।
আপুনিও নলৰাব সহানুভূতিৰে
মোৰ অটল বিশ্বাসৰ খুটি,
কাৰণ, পংগু হ’লেও মোৰ আছে
অদম্য হেঁপাহ,
জীৱনক চাব পৰা এটা উৰণীয়া মন।