চিত্ৰপট — মেঘালী দেৱী

pc-inc magazine

চিত্ৰপট
°°°°°°°°°°°
পূৱ দিশৰ সেউজীয়া খচিত
সু-দীৰ্ঘ সেঁওতাৰে তুমি অপৰূপা।
তোমাৰ নামকৰণত আছে
অতীতৰ বহু কাহিনী—-
তোমাৰ বহল বক্ষত ‌
কত জনৰ হা- হুমুনিয়াহ;
কত জনৰ আনন্দ-অশ্ৰু
কত জনৰ জাগিছিল প্ৰেম।
প্ৰৱাহিত সময়ৰ পৰিৱৰ্তিত হিচাপ
বিনা প্ৰতিবাদে কৰিছা গ্ৰহণ।

বৰষাত জীপ পাই
ৰসাল হয় বাকৰি
কৃষি কৰ্ষণ কৰি মানুহৰ
মন-প্ৰাণ উঠে উঠলি।
দোপাল পিতা বৰষুণ জাকত
কেঁচু-কুমটিয়ে কিকিয়াই চিচিয়াই
আনন্দৰ মেল পাতে সংগোপনে
পথৰুৱা আলিৰ মাজত।

ঢোলা বেঙৰ সংগীতত
মন হই মতলীয়া,
হালোৱা-হজুৱা, ৰোৱনী-তোলনীৰে
তোমাৰ বক্ষত সৌন্দৰ্যৰ জোৱাৰ নামে।
কি যে মনোমুগ্ধকৰ!
আলি কাটি এৰি দিয়া পানীৰ সোঁতে
সৃষ্টি কৰাৰ মধুৰ সুৰৰ তান।
তুমিয়েই কৃষকৰ জন্ম জন্মান্তৰৰ
হিয়াৰ সপোন
ৰহঢলা পথাৰ।

🖋️ মেঘালী দেৱী